NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত বাংগালুৰুস্থিত গুগলৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী

March 13, 2020 4:18 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বাংগালুৰুত কৰ্মৰত গুগলৰ এগৰাকী কৰ্মী কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি শুকুৰবাৰে নিশ্চিত হয়।

২৬ বৰ্ষীয় গুগলৰ কৰ্মীগৰাকীয়ে অলপতে গ্ৰীচৰ পৰা উভতি আহিছিল।

‘‘বাংগালুৰুৰ কাৰ্য্যালয়ত কৰ্মৰত আমাৰ এগৰাকী কৰ্মী কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি আমি নিশ্চিত হৈছো,’’ এক জাননীত গুগলে সদৰি কৰে।

কৰ্মীগৰাকীৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে তেওঁ বাংগালুৰুৰ গুগলৰ কাৰ্য্যালয়তে আছিল বুলিও জাননীত উল্লেখ কৰা হয়।

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা গুগলৰ কৰ্মীগৰাকীক বৰ্তমান পৃথককৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আনহাতে, গুগলে যিসকল কৰ্মীয়ে কৰ’নাত আক্ৰান্ত কৰ্মচাৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো পৃথকৈ থাকি ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিছে।

‘‘গুগলৰ কৰ্মচাৰী গৰাকী কৰ’না প’জিটিভ বুলি চিনাক্ত হোৱাৰ পূৰ্বে বহু ঠাইলৈ গৈছিল,’’ কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী বি শ্ৰীৰামুলুৱে কয়।

‘‘তেওঁক বৰ্তমান বাংগালুৰু হস্পিটেলত পৃথকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে কৰ্ণাটকত ৭৬ বৰ্ষীয় এগৰাকী লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয় লোক।

Related News