নতুন ফিচাৰ মুকলি! পাছৱৰ্ড মনত ৰখাৰ চিন্তা আঁতৰিল; গুগলে লৈ আহিছে ‘পাছ-কী’

প্ৰায় কেইবছৰমানৰ পৰা অহা প্ৰযুক্তিৰ জগতখনৰ পৰিৱৰ্তনৰ লগে লগে সাধাৰণ মানুহৰ জীৱনো সলনি হ’ল। ইমেইল যুগৰ আৰম্ভণিৰ পৰাই পাছৱৰ্ড আমাৰ জীৱনৰ অংশ হৈ আহিছে। কিন্তু সেই দিনটো হয়তো শেষ হ’বলৈ গৈ আছে। অন্ততঃ প্ৰযুক্তি কোম্পানী গুগলৰ পৰিকল্পনা তেনেকুৱাই।

পাছৱৰ্ডৰ সলনি এতিয়া তেওঁলোকে গুগল একাউণ্টত চাইন-ইন কৰিবলৈ পাছ-কী লৈ আনিছে। ইয়াত ব্যৱহাৰকাৰীক লগ-ইন কৰিবলৈ বায়’মেট্ৰিক্স ব্যৱহাৰ কৰা হয়, যাৰ ফলত ই বহুত বেছি সুৰক্ষিত হৈ পৰে বুলি কোম্পানীটোৱে দাবী কৰিছে।

লগতে পঢ়ক: ইডি মুৰব্বীৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন,”আৰু যোগ্য কোনো নাই”?

এটা ব্লগ পোষ্টত কোম্পানীটোৱে কয় যে তেওঁলোকে যোৱা বছৰৰ পৰা অধিক সুৰক্ষিত চাইন-ইনৰ বাবে পাছ-কী প্ৰৱৰ্তনৰ বাবে এপল আৰু মাইক্ৰ’ছফ্টৰ সৈতে কাম কৰি আহিছে। বিশ্ব পাছৱৰ্ড দিৱসৰ প্ৰাকক্ষণত গুগলে ক্ৰমান্বয়ে এই পাছ-কী সকলো গুগল একাউণ্টলৈ মুকলি কৰিছে।

এই পাছ-কী দৰাচলতে কি? Pass-Key ৰ বাবে ডাঙৰ পাছৱৰ্ড মনত ৰখাৰ প্ৰয়োজন নাই। যেনেকৈ ব্যৱহাৰকাৰীয়ে ফিংগাৰপ্ৰিণ্ট, ফেচ স্কেন বা পিনৰ সহায়ত নিজৰ ফোন বা লেপটপ আনলক কৰে, তেনেকৈয়ে তেওঁলোকে পাছ-কীৰ সহায়ত বিভিন্ন একাউণ্টত লগ ইন কৰিব পাৰে।

লগতে পঢ়ক: এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজিকালি সাধাৰণতে দেখা দিয়া ফিছিং এটেকতকৈ পাছ-কী বহুত বেছি সুৰক্ষিত। এটা নিৰ্দিষ্ট ব্যৱহাৰকাৰীক ক্ৰিপ্টোগ্ৰাফীৰ সহায়ত ক্লাউডত অথেন্টিকেশ্যন কৰা হ’ব আৰু তাৰ জৰিয়তে, সকলো ডিভাইচ সেই একাউণ্টৰ সৈতে লগ ইন কৰিব পাৰিব। অৱশ্যে সদ্যহতে গুগলে পাছৱৰ্ড আৰু টু ফেক্টৰ অথেন্টিকেশ্যনৰ সৈতে একেলগে পাছ-কী আৰম্ভ কৰিব।

আজিৰে পৰা এই নতুন ফিচাৰ মুকলি কৰা হৈছে। ফলত গুগল একাউণ্টেৰে নতুন এপ বা ৱেবছাইটত লগ ইন কৰাৰ সময়ত কোম্পানীয়ে আপোনাক এই বিকল্প দিব। এতিয়াৰ বাবে এই ফিচাৰ কেৱল ব্যক্তিগত গুগল একাউণ্টৰ বাবেহে উপলব্ধ। কিন্তু তেতিয়া এডমিন আৰু টেক টিমৰ মানুহে আপোনাৰ অফিচৰ ইমেইলৰ বাবেও পাছ কী আৰম্ভ কৰাৰ সুযোগ পাব। অৰ্থাৎ ইয়াক গুগল ৱৰ্কস্পেচ একাউণ্টতো মুকলি কৰা হৈছে।

লগতে পঢ়ক: মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

আজিকালি বহুতে বিশেষকৈ বৃদ্ধসকলে কাগজত পাছৱৰ্ড লিখি থৈ যায়। বহু ক্ষেত্ৰত প্ৰৱঞ্চকে প্ৰতাৰণা কৰি ধন চুৰি কৰে। বিশেষজ্ঞসকলৰ মতে এই সকলোবোৰ সমস্যা সমাধানৰ বাবে পাছ-কী অতি প্ৰয়োজনীয়।