গুগলে প্লে ষ্টোৰৰ পৰা আঁতৰালে ২৫ টা এপ : কিন্তু কিয় ?

facebook

লাডাখ সংকটৰ পিছত ভাৰতে ৫৯ টাকৈ চীনৰ এপ নিষিদ্ধ কৰাৰ সময়তে গুগলেও গুগল প্লে ষ্টোৰৰ পৰা  আঁতৰালে ২৫ টা এপ। গুগল প্লে ষ্টোৰত থকা এই এপ কেইটাৰ প্ৰায় আটাই কেইটা এপেই অতি জনপ্ৰিয় এপ।

এই এপ কেইটা  গুগল প্লে ষ্টোৰত এতিয়ালৈকে ডাউনলোড হৈছে প্ৰায় ২.৩৪ নিযুত বাৰ। ইমানৰ পিছতো গুগলে এই এপ কেইটা প্লে ষ্টোৰৰ পৰা কিয় আঁতৰালে বাৰু?

দৰাচলতে চাইবাৰ ক্ৰাইমে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে  এপ গুগল প্লে ষ্টোৰত থকা এই এপ কেইটাৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাই গৈছিল চাইবাৰ অপৰাধ ।

২৫ টা এপৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ ফেচবুকৰ তথ্য হেকাৰে নিৰ্বিবাদে চুৰি কৰি আছিল।

ফ্ৰান্সৰ চাইবাৰ ছিকিউৰিটি সংস্থা এভিনাই এই ভয়াৱহ তথ্য ফাদিল কৰিছে।এভিনাৰ মতে এপ কেইটাত ক্লিক কৰাৰ পিছতে ব্যৱহাৰকাৰীৰ ফেচবুকৰ সৈতে সেয়া সংযুক্ত হয় আৰু ফেচবুকৰ গোপন তথ্য হেকাৰে সহজে চুৰি কৰি নিবলৈ সক্ষম হয়।

উক্ত এপ কেইটাৰ ভিতৰৰে ছুপাৰ ৱাল পেপাৰ ফ্লাছলাইট, পেডনাটেফ এপ দুটা গুগল প্লে ষ্টোৰত প্ৰায় ৫ লাখ বাৰ ডাউনলোড হৈছে।

ফ্ৰান্সৰ চাইবাৰ ছিকিউৰিটি সংস্থা এভিনাৰ পৰা মে’ মাহতে  এনে তথ্য পোৱাৰ পিছতে  তদন্তৰ অন্তত গুগলে ২৫টাকৈ এপ বন্ধ কৰি দিয়ে।