NORTHEAST NOW (Assamese)

মেঘালয়ৰ গাৰো পাহাৰ জিলাত খৃষ্টিয়ান পাদ্ৰীক আক্ৰমণ, গীৰ্জাত লুটপাত

January 31, 2019 1:01 pm · এন ই নাও নিউজ

যোৱা কালি বুধবাৰে মাজনিশা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত এটা গীৰ্জাত কোনো অচিনাক্ত লুটপাতকাৰীয়ে আক্ৰমণ সংঘটিত কৰে আৰু দুগৰাকী জ্যেষ্ঠ পাদ্ৰীক শাৰীৰিকভাৱে অপদস্ত কৰে। গাৰো পাহাৰৰ ড’মিনিক ছভিঅ’ মিশ্যনত আক্ৰমণ সংঘটিত কৰা লুটপাতকাৰীৰ দলটোত প্ৰায় ২০জন মান সদস্য আছিল।

লুটপাতকাৰীৰ দলটোৱে ৰেভাৰেণ্ড ফাডাৰ থমাছ জন আৰু ডেনিয়েল ছাংমাক লোহাৰ ৰ’ডেৰে বেয়াকৈ মাৰধৰ কৰে।প্ৰতিৱেদন অনুসৰি, লুটপাতকাৰীসকলে গীৰ্জাৰ চৌহদ লণ্ডভণ্ড কৰে আৰু দুটা স্মাৰ্টফোনসহ প্ৰায় ১.২৫ লাখ টকা  লুটি লৈ যায়।

বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ এটা তদন্ত কৰি আছে। আৰক্ষীৰ মতে এই লুটপাতকাৰীসকল গাৰো পাহাৰৰ আন তিনিটা দুটপাতৰ ঘটনাৰ সৈতে যুক্ত আছে।  এইটোকে ধৰি মুঠ ৪টা লুটপাতৰ সময়ত একেই উপায় অৱলম্বন কৰিছে দলটোৱে। ইয়াৰ পূৰ্বৰ লুটপাতৰ ঘটনাসমূহ পূব গাৰো পাহাৰৰ ডাওগ্ৰি, দক্ষিণ গাৰো পাহাৰৰ চোকপট আৰু পশ্চিম গাৰো পাহাৰৰ ডালুত সংঘটিত কৰিছিল।

Related News