গৌতম ৰয়ে হিমন্ত বিশ্ব শর্মাক কংগ্ৰেছৰ পৰা খেদি পঠিয়াইছিল : কিৰিপ চলিহা

সাংসদ ভুৱনেশ্বৰ কলিতাৰ পাছত একেদিনাই তিনিজন কংগ্ৰেছ নেতা ক্ৰমে গৌতম ৰয়, শান্তিয়াছ কুজুৰ আৰু হিৰণ্য ভূঞাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লোক সভাৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই।

বিশেষকৈ গৌতম ৰয়ে বিজেপিত যোগদান কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন সাংসদ চলিহাই।

এটা সময়ত হিমন্ত বিশ্ব শৰ্মাক বিশ্বাসঘাতকতা কৰিছিল গৌতম ৰয়ে। হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ পৰা খেদি পঠিয়াইছিল গৌতম ৰয়ে। এই অভিযোগ প্ৰাক্তন সাংসদ চলিহাৰ।

লগতে সাংসদ চলিহাই কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শর্মাৰ মাজত যি বুজাবুজি আছিল, সেই বুজাবুজি ভাঙি দিয়া মানুহজনেই আছিল গৌতম ৰয়। এতিয়া সেই গৌতম ৰয়ে বিজেপিত যোগদান কৰিছে।

ইফালে একাংশ কংগ্ৰেছীয়ে কেইবাজনো কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা কাৰ্যই কংগ্ৰেছ দলক কোনো ক্ষতি নকৰে বুলি কৰা মন্তব্য হাস্যকৰ বুলি চলিহাই উল্লেখ কৰে।