১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিলে চৰকাৰে

তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে দেশ কপোঁৱা কৃষকসকলৰ দাবী মানিলৈ চৰকাৰে ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে বুধবাৰে ২০২২-২৩ৰ বাবে সকলো খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য(এমএছপি) বৃদ্ধিত অনুমোদন জনাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে।

কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে২০২২-২৩ বৰ্ষৰ কৃষি ঋতুৰ বাবে খাৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰাৰ ফলত সূৰ্যমুখী বীজৰ মূল্য ৩৮৫/কুইন্টাল কৰা হৈছে।

এখন সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে বুলি উল্লেখ কৰে। তেওঁকয় “আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে।

কৃষকৰ উপাৰ্জন বৃদ্ধি পাইছে। ” উল্লেখ্য দেশৰ কৃষকসকলে শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল৷ প্ৰতিবিধ খাৰিফ শস্যৰে নূন্যতম সমৰ্থন মূল্য বৃদ্ধি হোৱাত কৃষকসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে৷