• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2025 5:40 pm
53
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল লেনদেনৰ জৰিয়তে দৈনন্দিন জীৱন সহজ হৈ পৰাৰ সমান্তৰালভাৱে অনলাইন প্ৰৱঞ্চনাৰ ঘটনাও বৃদ্ধি পাইছে। এই প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰায় ৪ লাখ চিম কাৰ্ড ব্লক কৰিছে। দূৰসংযোগ বিভাগৰ তথ্য অনুসৰি, এই চিম কাৰ্ডসমূহ জালিয়াতিৰ কাৰ্যকলাপত ব্যৱহাৰ হৈছিল।

শেহতীয়া তথ্য অনুসৰি অনলাইন প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰে চিম কাৰ্ড প্ৰদানৰ নিয়ম কঠোৰ কৰাৰ লগতে প্ৰৱঞ্চক চিনাক্তকৰণ আৰু নিৰীক্ষণৰ বাবে উন্নত চোৱাচিতা ব্যৱস্থা কাৰ্যকৰী কৰিছে। ২০২৫ চনৰ মে’ মাহত প্ৰকাশিত ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰৰ তথ্য অনুসৰি, প্ৰতিদিনে প্ৰায় ২ হাজাৰ চিম কাৰ্ড বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত থকা বুলি ধৰা পৰিছে। এই প্ৰৱঞ্চনা চিনাক্ত আৰু ৰোধ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে বুলি  সদৰী কৰিচে প্ৰশাসনে।

উল্লেখ্য যে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI)ৰ প্ৰৱৰ্তনে লেনদেনক অতি সহজ কৰি তুলিছে। শাক-পাচলি ক্ৰয়ৰ পৰা লাখ লাখ টকাৰ লেনদেনলৈকে মানুহে এই সেৱাৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু এই সুবিধাৰ লগতে প্ৰৱঞ্চনাৰ প্ৰৱনতাও বৃদ্ধি পাইছে। কিছুমান দুষ্টচক্ৰই UPIৰ অপব্যৱহাৰ কৰি মানুহৰ পৰা ধন আদায় কৰাৰ ঘটনা বাঢ়িছে। এই সমস্যাৰ সমাধানৰ বাবে ভাৰতৰ সকলো বেংকক ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিয়া হৈছে। এই ব্যৱস্থাই মোবাইল নম্বৰ চিনাক্ত কৰি সেইবোৰক নিম্ন, মধ্যম আৰু উচ্চ প্ৰৱনতাসম্পন্ন শ্ৰেণীত ভাগ কৰে।

ইকনমিক টাইমছে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ফাইনেন্সিয়েল ৰিস্ক ইনডিকেটৰে প্ৰৱঞ্চনামূলক একাউণ্টৰ ওপৰত দ্ৰুত ব্যৱস্থা গ্ৰহণত সহায় কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকসমূহে জালিয়াতিৰ লেনদেন ৰোধ কৰিবলৈ সক্ষম হৈছে। টেলিকম কোম্পানীসমূহেও নিজৰ নেটৱৰ্কৰ নিৰাপত্তা বৃদ্ধি কৰি গ্ৰাহকসকলক প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰাৰ প্ৰচেষ্টা চলাইছে। প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত থাকিবলৈ চৰকাৰে জনসাধাৰণক কেইটামান সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে: কোনো সন্দেহজনক লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ কৰিছে। অজ্ঞাত কল বা মেছেজৰ পৰা সাৱধান হোৱাৰ লগতে কেৱল অফিচিয়েল এপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ কৰিছে।

Recent News

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

গভীৰ অৰণ্যৰ মাজত দলিত মহিলাক দলবদ্ধ ধৰ্ষণ! পুনৰ বিজেপিশাসিত ৰাজ্যত নাৰী সুৰক্ষাক লৈ প্ৰশ্ন

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

মোহালীৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ! দুজনৰ মৃত্যু, চাৰিজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd