Malnourished Children উপায়ুক্তৰ তৎপৰতা: ধুবুৰীত পুষ্টিহীন শিশুৰ দায়িত্ব ল’ব চৰকাৰী বিভাগ-বিষয়াই

WhatsApp Image 2021-12-18 at 5.38.06 PM

Malnourished Children ধুবুৰী জিলাৰ বিভিন্ন বিভাগ আৰু জিলাখনত কৰ্মৰত একাংশ বিষয়াই জিলাখনৰ পুষ্টিহীন শিশুসকলৰ দায়িত্ব লৈ তেওঁলোকক সুস্থ কৰি তুলিব৷ শনিবাৰে ধুবুৰীৰ আলোকঝাৰীত অনুষ্ঠিত জিলা উন্নয়ণ সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷

জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত ধুবুৰীৰ পুষ্টিহীন শিশুসকলৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়৷ জিলা উপায়ুক্তই লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, বন, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগবোৰক পুষ্টিহীন শিশুসকলৰ দায়িত্ব গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে৷

জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱা প্ৰমুখ্যে কেবাগৰাকী বিষয়াই ব্যক্তিগতভাৱেও কেবাটিও শিশুৰ দায়িত্ব ল’ব বুলি বৈঠকত ঘোষণা কৰে৷

Also Read: লেখাপানীত ভয়াবহ পথ দুৰ্ঘটনাত দুই কয়লা শ্ৰমিক নিহত; আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ!

সমাজ কল্যাণ বিষয়াগৰাকীয়ে কয় যে জিলাখনত কৰ্মৰত বিভাগটোৰ চি ডি পি অ’ আৰু ছুপাৰভাইজৰ সকলেও নিজা উদ্যোগত কেবাটিও পুষ্টিহীন শিশুৰ দায়িত্ব গ্ৰহণ কৰিব৷

উল্লেখ্য যে ধুবুৰী জিলাত বৰ্তমান প্ৰায় ১৮০ গৰাকী পুষ্টিহীনতাত ভোগা শিশু আছে৷

শিশুসকলক সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা নিয়মীয়াকৈ ৰেচন যোগান ধৰা হয় যদিও তেওঁলোকৰ চিকিৎসা আদিৰ ক্ষেত্ৰত অভিভাৱকৰ হেমাহিৰ বাবে অসুবিধাৰ সৃষ্টি হয়৷

নিউট্ৰিছন ৰিহেবিলিটেছন কেন্দ্ৰ(এন আৰ চি)ত নিজৰ সন্তানক ৰাখিবলৈ বহু অভিভাৱকে নিবিচাৰে৷ সেয়ে এতিয়াৰে পৰা পুষ্টিহীন শিশুসকলক বিভিন্ন বিভাগ আৰু আগ্ৰহী বিষয়াসকলে ভগাই লৈ বিশেষভাৱে যত্ন ল’ব৷

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

দায়িত্ব লোৱা বিভাগ আৰু বিষয়াসকলে শিশুসকলৰ প্ৰতি কেনেধৰণৰ দায়িত্ব পালন কৰিব সেই সন্দৰ্ভত এখন এছ অ’ পি প্ৰস্তুত কৰিবলৈ শিশু ৰোগ বিশেষজ্ঞ ডাঃ তাপস মজুমদাৰক দায়িত্ব দিয়ে জিলা উপায়ুক্তই৷

পুষ্টিহীন শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ উপৰিও উপযুক্ত চিকিৎসা, ফিজিঅ’থেৰাপি প্ৰদান আদি বিষয়বোৰো এছ অ’ পিত সন্নিবিষ্ট হ’ব৷ দায়িত্ব লোৱাৰ  পিছত বিভাগবোৰে শিশুসকলৰ বাবে কেনে পদক্ষেপ লৈছে সেই সন্দৰ্ভত সাপ্তাহিক প্ৰতিবেদন দিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷

এই বৈঠকৰ পিছতে ১৭ গৰাকী পুষ্টিহীন শিশুক পুষ্টিকৰ খাদ্য প্ৰদান কৰা হয় আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে অভিভাৱকসকলক চিকিৎসকে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে৷

Also Read: চীনৰ ভাবুকিৰ মাজতে ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ‘অগ্নি-পি’বেলিষ্টিক মিছাইলৰ

জিলা উন্নয়ণ সমিতিৰ বৈঠকত সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়৷ বিভাগবোৰক আঁচনিবোৰৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ আৰু উন্নয়ণমূলক প্ৰকল্পবোৰৰ কাম সোনকালে শেষ কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তই নিৰ্দেশ দিয়ে৷

আঁচনি ৰূপায়নত সন্মুখীন হোৱা যিকোনো সমস্যাৰ বিষয়ে লগে লগে অৱগত কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা উন্নয়ণ আয়ুক্তই বিভাগবোৰৰ বিষয়াসকলক পৰামৰ্শ দিয়ে৷

Also Read: শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় লোক

বৈঠকত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জিপছি দেৱে বিভাগবোৰৰ বিষয়াসকলক হিতাধিকাৰীৰ স্বাৰ্থজড়িত সকলো আচনিৰ সবিশেষ আইন সেৱা প্ৰাধিকাৰীক নিয়মীয়াকৈ অৱগত কৰিবলৈ কয় যাতে আইনী সহায়ৰ বাবে অহা লোকসকলক তেওঁলোকে এই বিষয়ে অৱগত কৰিব পাৰে৷