অলৰ অচৰ কৃষক, চৰকাৰৰে আলোচনা বিফল; ৮ জানুৱাৰিত পুনৰ মিলিত হ’ব দুয়ো পক্ষ

নতুন দিল্লীৰ সিংঘু সীমান্তত কেন্দ্ৰৰ নতুন কৃষি আইন কেইখনৰ বিৰুদ্ধে আজিও অব্যাহত আছে হাজাৰ-হাজাৰ কৃষকৰ প্ৰতিবাদ।

ইয়াৰ মাজতে আজি কেন্দ্ৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষক সংগঠনৰ প্ৰতিনিধিৰ মাজত ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হয় সপ্তমলানি আলোচনা।

আজিৰ এই আলোচনাত সমাধান সূত্ৰ ওলাব আৰু কৃষক বিদ্ৰোহৰ অন্ত পৰিব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও সেয়া মূৰকত সম্ভৱ হৈ নুঠিল।

আলোচনা বিফল হোৱাত এতিয়া দুয়োপক্ষৰ মাজত অহা ৮ জানুৱাৰিত পুনৰ বৈঠক অনুষ্ঠিত হ’ব।

প্ৰাপ্ত খবৰ অনুসৰি কৃষক প্ৰতিনিধি সকলে আজিৰ আলোচনাকালতো আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়।

ভাৰতীয় কিষান য়ুনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে কয়, ‘যেতিয়ালৈ কৃষি আইন বাতিল কৰা নহয়, তেতিয়ালৈ আমি প্ৰতিবাদস্থলৰ পৰা উভতি নাযাওঁ’।

উল্লেখ্য যে আজি বৈঠকৰ আৰম্ভণিতে কৃষক আন্দোলনত মৃত্যু হোৱা খেতিয়ক সকলৰ আত্মাৰ শান্তি বিচাৰি ২মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয়।

ভাৰতীয় কিষান য়ুনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে দাবী কৰে যে এই পৰ্যন্ত আন্দোলনৰত ৬০জন কৃষকে প্ৰাণ হেৰুৱাইছে।

প্ৰতি ১৬ ঘণ্টাত এজন কৃষকৰ মৃত্যু হৈছে আৰু ইয়াৰ উত্তৰ চৰকাৰে দিবই লাগিব বুলিও টিকাইটে মন্তব্য কৰে।

কৃষকৰ সৈতে আলোচনা কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা উপস্থিত থাকে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, পিযুজ গ’য়েল, চোম প্ৰকাশ আৰু চৰকাৰী বিষয়া সকল উপস্থিত থাকে।

কৃষক সংগঠনৰ প্ৰতিনিধিৰ লগত চৰকাৰৰ হৈ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, ৰেইল আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশ আৰু চৰকাৰী বিষয়া সকলে আলোচনাত অংশ লয়।