চীনৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব লাগিব চৰকাৰ : মমতা বেনাৰ্জী

West-Bengal-CM-Mamata-Banerjee-COVID-19-pti

ফাইল ফ'টো

পূৱ লাডাখত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে চীনৰ বিৰুদ্ধে ভাৰতে এলানি অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে।

সেই মৰ্মে ভাৰতে চীনৰ ৫৯ টা এপ নিষিদ্ধ কৰিছে।

ভাৰতে আনকি চীনৰ সম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি সাগৰীয় পথত ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতে আজি এই বুলি কৈছে যে চীন ভাৰতৰ বাবে এতিয়া মুঠেও বিশ্বাসযোগ্য দেশ নহয়।

সেয়ে দেশখনৰ সকলো গতি বিধি ভাৰতে নজৰত ৰাখিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে এই বুলি কৈছিল যে চীনা সেনাৰ নৃশংসতাৰ সমূচিত উত্তৰ দিয়া হ’ব।

চীনৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা স্থিতিক পোণপটীয়াকৈ সমৰ্থন নকৰি বংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এই বুলি কয় যে কেৱল চীনৰ সামগ্ৰী বৰ্জন কৰিলেই নহ’ব, চীনৰ বিৰুদ্ধে ভাৰত কঠোৰো হ’ব লাগিব।

সামগ্ৰী বৰ্জন চৰকাৰে কেৱল দেখুৱাবলৈ কৰিলে নহ’ব বুলি কৈ মমতাই কয় যে লাডাখ আৰু দেশৰ আন প্ৰান্তত চীনে যি আগ্ৰাসন কৰিছে সেয়া বন্ধ হ’ব লাগিব।

চীনৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত মানি ল’ব বুলিও মমতাই কয়।

উল্লেখ্য যে, শেহতীয়াকৈ ক’ৰ’নাৰ সংক্ৰমণক লৈ বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনৰ সৈতে কেন্দ্ৰৰ সংঘাতৰ সৃষ্টি হৈছিল।

তৃণমূলৰ একাধিক সাংসদে আনকি চীন সংকট সন্দৰ্ভত মোডীৰ চৰকাৰখনক চোকা ভাষাৰে সমালোচনাও কৰিছিল।

মোডীৰ চৰকাৰে সময় থাকোতেই চীনৰ সেনাক বাধা দিবলৈ সক্ষম নোহোৱা বুলিও তৃণমূল সাংসদে অভিযোগ কৰিছিল।