লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াক চৰকাৰে গাপ দিয়াৰ অভিযোগ এবিএমছুৰ

images (21)

এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ মাজমজিয়াত গুলিয়াই হত্যা কৰা ঘটনাই তিনিটা বছৰ অতিক্ৰম কৰিলে।

হত্যাকাণ্ডৰ ঘটনাৰ সমসাময়িক পৰিৱেশত ২০১৭ চনৰ ৩ আগষ্টত অসম চৰকাৰ, তদানীন্তন বিটিচি প্ৰশাসন আৰু এবিএমছু-আমছুৰ মাজত চৰকাৰী আমন্ত্ৰণত অনুস্থিত বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

অসম আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া অনুৰাগ টাংখাৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল গঠন কৰি দিয়া হৈছিল। চিআইডিও ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ পৰিছিল।

অৱশেষত সৰ্বস্তৰৰ জনতাৰ প্ৰতিবাদত সেও মানি চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চিবিআইলৈ হস্তান্তৰ কৰিলে।

কিন্তু দূৰ্ভাগ্যজনকভাৱে চিবিআইয়ে আজি তিনিটা বছৰ পাৰ হৈ যোৱাৰ পিছতো লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আৰু চাৰ্জ শ্বীটো দাখিল নকৰিলে।

এই সময়ছোৱাত এবিএমছুৱে অসমৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰলৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

তদানীন্তন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰেও দূৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰৰ ওপৰত কোনো চাপ সৃষ্টি কৰা পৰিলক্ষিত নহ’ল। এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰি চৰকাৰীভাৱে শ্বহীদ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া গাপ দিয়াৰ চেষ্টা চলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত বুলি একাংশ‌ সংবাদমাধ্যমত প্ৰকাশ পোৱা লোহিত মছাহাৰী আৰু হত্যাকাণ্ডৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা কোকৰাঝাৰৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজেন সিঙক তদন্তৰ আওতালৈ অনা হ’ল নে নহল বুলি এবিএমছুৰ সাধাৰণ সম্পাদকজনে প্ৰশ্ন উত্থাপন কৰে।

ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি ক্ষীপ্ৰ অনুসন্ধান মৌলিক অধিকাৰৰ অংশ হিচাপে বিবেচিত হৈ অহাৰ পিছতো দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা চিবিআইয়ে কিয় শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াক এক ভেকোভাওনালৈ পৰিণত কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে এইটো সপ্তাহতে অনুস্থিত হ’বলগীয়া এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।

তদন্ত প্ৰক্ৰিয়া লেহমীয়া কৰি ন্যায় দিবলৈ অস্বীকাৰ কৰিব খোজা চৰকাৰৰ সকলো ষড়যন্ত্ৰ ব্যৰ্থ কৰি দিয়া হ’ব বুলি কৈ পুনৰ ৰাজপথত ন্যায়ৰ দাবীত নতুন গতিত, নতুন ৰূপত সংগ্ৰাম অধিক তীব্ৰতৰ কৰা হ’ব বুলি এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে হুংকাৰ দিছে।