NORTHEAST NOW (Assamese)

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালন কৰিব চৰকাৰে, অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে ভূপেন হাজৰিকাৰ জীৱনীৰ কাম

April 13, 2025 10:41 am · এন ই নাও নিউজ, গুৱাহাটী

° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি।

অৰুণাচল, কলকাতা, মুম্বাইত হব শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান। দিল্লী আৰু গুৱাহাটীতো অনুষ্ঠিত হব সুধাকণ্ঠৰ শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান। জন্ম শতবাৰ্ষিকী পালনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৫০জনীয়া সমিতি গঠন কৰা হব। উত্তৰ-পূবৰ ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী হব এই সমিতিৰ পৃষ্ঠপোষক।

সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ ১০ লাখ লোকক উপহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে ভূপেন হাজৰিকাৰ জীৱনীৰ কাম।

ভাৰতৰ সকলো ভাষালৈ অনূবাদিত হব সুধাকণ্ঠৰ জীৱনী। সকলো পুথিভঁৰাললৈ প্ৰেৰণ কৰা হব জীৱনীখন।

অসমীয়া, ইংৰাজী, হিন্দীত নিৰ্মাণ হব সুধাকণ্ঠৰ তথ্যচিত্ৰ। সুধাকণ্ঠৰ নামেৰে মুদ্ৰা প্ৰৱৰ্তনৰ পোষকতাও কৰিছে ৰাজ্য চৰকাৰে। মুদ্ৰা প্ৰৱৰ্তনৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক আহ্বান জনাব অসম চৰকাৰে।

Related News