দুমাহতকৈ অধিক সময় ধৰি অগ্নিগৰ্ভৰ হৈ আছে মণিপুৰ। পোহৰলৈ আহিছে ৰাজ্যখনত সংঘটিত ন ন অমানুষিক কাণ্ড। হত্যা-হিংসাৰ দাবানলত জাহ যোৱা মণিপুৰত এই দীৰ্ঘ সময়ত প্ৰাণ হেৰুৱাইছে দুই শতাধিক লোকে। মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ অৱসান ঘটোৱাত চূড়ান্ত ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ।
কেৱল ব্যৰ্থ হোৱাই নহয়, বিৰোধীৰ ধাৰাবাহিক হেঁচাৰ পিছতো মণিপুৰ সন্দৰ্ভত বিশদ আলোচনাৰ বাবে আগবাঢ়ি অহা নাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। মণিপুৰৰ ক্ষেত্ৰত চৰকাৰৰ এই বিফলতাক দোহাই দি আজি সংসদত তোলা হৈছে অনাস্থা প্ৰস্তাৱ।
বিৰোধীৰ উমৈহতীয়া মঞ্চ ‘INDIA’ৰ অংশ কংগ্ৰেছ আৰু ভাৰত ৰাষ্ট্ৰ সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে। কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে লোকসভাৰ মহাসচিবৰ কাৰ্যালয়ত জাননী দাখিল কৰাৰ লগতে ভাৰত ৰাষ্ট্ৰ সমিতিৰ মজিয়া নেতা নাগেশ্বৰ ৰাৱে অধ্যক্ষৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ বাবে সুকীয়া প্ৰস্তাৱ দাখিল কৰে।
চৰকাৰৰ বিৰুদ্ধে তোলা এই অনাস্থা প্রস্তাৱ গ্ৰহণ কৰিছে লোকসভাৰ অধ্যক্ষই৷ এই সন্দৰ্ভত বিতৰ্কৰ বাবে শীঘ্ৰেই তাৰিখ ঘোষণা কৰিব অধ্যক্ষই। অনাস্থা প্ৰস্তাৱৰ জৰিয়তে বিৰোধীয়ে সদনৰ মজিয়াত চৰকাৰৰ সংখ্যাগৰিষ্ঠতাক প্ৰত্যাহ্বান জনাব পাৰে আৰু যদিহে প্ৰস্তাৱ গৃহীত হয়, তেতিয়া মোদী নেতৃত্বাধীন চৰকাৰৰ পতন ঘটিব।
লক্ষণীয়ভাৱে ৫৪৩ জনীয়া লোকসভাত বৰ্তমান শাসকীয় এন ডি এৰ শক্তি ৩৩১। আনহাতে বিৰোধী INDIA মিত্ৰজোঁটৰ ১৪৪ গৰাকী সদস্য আছে সদনত। বিৰোধীৰ ওচৰত ফ্ল’ৰ টেষ্টত জয়ী হ’ব পৰাকৈ সংখ্যা নাই যদিও অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত মণিপুৰ বিষয়ত চৰকাৰক শলঠেকত পেলাই জয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে বিৰোধীয়ে।
উল্লেখ্য যে, মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই উত্তাল হৈ আছে দুই সদন। প্ৰধানমন্ত্ৰী মোদীৰ পৰা মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বিষয়ে বিবৃতিৰ দাবী জনাই আহিছে বিৰোধী দলসমূহে।
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আলোচনাৰ বাবে সাজু বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যদিও প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই আলোচনা হ’ব লাগিব বুলি দাবী জনাই আহিছে বিৰোধীয়ে। লগতে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীক সংসদত বক্তব্য ৰাখিবলৈ বিৰোধীয়ে দাবী তুলিছে।