গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ খিলঞ্জীয়া লোকক উচ্ছেদৰ জাননী দিয়া নাই, উপায়ুক্তই কৰিলে স্পষ্ট

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা বাবে গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ একাংশ লোকক উচ্ছেদৰ জাননী জাৰি কৰা বুলি যি খবৰ ওলাই আছে, তাৰ কোনো ভিত্তি নাই।

একাংশ সংবাদ মাধ্যমত এই উঞ্চলত উচ্ছেদৰ বাবে বাসিন্দাসকলক জাননী জাৰি কৰা হৈছে বুলি বাতৰি প্ৰকাশ হৈছিল, তাৰ ভিত্তিত একাংশ সংগঠনে ৰাইজক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

এই পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু গহপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহে এনেকুৱা কোনো জাননী জাৰি কৰা নাই বুলি জানিবলৈ দিছে।

“উচ্ছেদৰ জাননী জাৰি কৰাৰ বাতৰিটো অসত্য আৰু এই বিষয়ত সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰা হৈছে।  চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা এই লোকসকলক উচ্ছেদৰ বাবে কোনোধৰণৰ জাননী জাৰি কৰা হোৱা নাই”, উপায়ুক্ত খাউণ্ডে কয়।

উপায়ুক্তজনৰ মতে, ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতীয় লোকসকলক উচ্ছেদৰ কোনো পৰিকল্পনা ৰাজ্য চৰকাৰৰ নাই।

তেওঁ এনে ধৰণৰ অসত্য বাতৰিত অযথা শংকিত নহ’বলৈ ৰাইজক অনুৰোধ জনাইছে।