হিমন্ত বিশ্বৰ আহ্বানক সঁহাৰি জনায় বগীদ’লত চৰকাৰী কৰ্মচাৰীয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

ফটো : নৰ্থ-ইষ্ট নাও

দেশত চলি থকা লকডাউনৰ বাবে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তথা দৰিদ্ৰ জনগণক সহায় কৰিবলৈ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক আহ্বান জনাইছিল স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী কৰ্মচাৰীয়ে মন্ত্ৰীজনৰ আহ্বানক সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে।

ঠিক সেইদৰে শিৱসাগৰৰ বগীদ’ল বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত বগীদ’ল অঞ্চলৰ চৰকাৰী চাকৰীয়াল সকলে আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে।

বগীদ’ল অঞ্চলৰ হালোৱাগাঁও, ভকত গাঁও, পামি চকি আৰু ভৰালী গাঁৱৰ প্ৰায় ৮৩ টা পৰিয়ালক চাউল, দাইল, মিঠাতেল, আলু, পিয়াজ,  চেনী, নিমখ, আটা, বিস্কুত, চাবোন আদিকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰদান কৰে।

বিতৰণৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চাফ চিকুন হৈ পৰিৱেশ নিকা কৰি ৰখাৰ লগতে লকডাউন সম্পূৰ্ণ মানি চলিবলৈ ৰাইজক আহ্বান জনায় নামঘৰ পৰিচালনা সমিতিয়ে।

আনহাতে ভৱিষ্যতে যদি লকডাউনৰ কাৰ্যকাল বৃদ্ধি হয় তেতিয়াও যি সকল ব্যক্তিক সাহায্যৰ প্ৰয়োজন হ’ব সেই সকল লোকক সহায় কৰিব বুলিও জানিবলৈ দিয়ে।

অঞ্চলটোৰ চৰকাৰী কৰ্মচাৰী ৰঞ্জীত চুতীয়া, ৰিতুমণি ভূঞা, জ্যোতি গগৈ দুৱৰী, হৰেন্দ্ৰ চুতীয়া, ৰুণু শইকীয়া, মঞ্জু চুতীয়া, জয়ন্ত চুতীয়া আৰু বুলুমণি দত্ত চুতীয়াই এই সাহায্য সামগ্ৰী বিতৰণ কৰে।

খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক বিজু কুমাৰ ভূঞাৰ লগতে নামঘৰ সমাজৰ বৰ মেধি, সৰু মেধীৰ লগতে স্থানীয় গাওঁবুঢ়া উপস্থিত থাকে।