“কা” বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ ৩ জন লোকৰ মৃত্যু হৈছিল: গৃহ বিভাগ

"কা" বিৰোধী আন্দোলন সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছিল মুঠ ৪০৬ টা গোচৰ

বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতে আজি বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ বিভাগে কয় যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯ আৰু “কা” বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ ৩ জন লোকৰ মৃত্যু হয়।

উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ পল্টনবজাৰ থানাৰ অন্তৰ্গত এলেকাত মৃত্যু হয় যদিও কাৰ গুলীত তেওঁৰ মৃত্যু হয় সেই বিষয়ে ঠাৱৰ হোৱা নাই আৰু এই বিষয়ে তদন্ত হৈ আছে।

তেওঁলোক কোন সংগঠনত জড়িত সেই বিষয়ে জনা নাযায়, তেওঁলোক “কা” বিৰোধী আন্দোলনত জড়িত বে-আইনী জনতা আছিল আৰু কুটাঘাটমূলক কাৰ্য্যত অংশগ্রহণ কৰিছিল ।

এই সংক্রান্তত “কা” বিৰোধী আন্দোলন সন্দৰ্ভত আৰক্ষীয়ে মুঠ ৪০৬ টা গোচৰ ৰুজু কৰিছিল । ২০১৯ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ মুঠ ২৫ টা গুলীচালনা, ১৯ টা লাঠিচালনা আৰু ১৫ টা কন্দুৱা (গছ নিক্ষেপৰ ঘটনা ঘটিছিল। আৰক্ষীৰ লাঠিচালনা বা গুলীচালনাত মুঠ ২০ জন ব্যক্তি আঘাতপ্রাপ্ত আৰু মুঠ ১০২৬ জন ব্যক্তি গ্রেপ্তাৰ হৈছিল ।

মুঠ ১১জন ব্যক্তিৰ ওপৰত UA (P) A, ১৯৬৭ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

মুঠ ৬ জন ব্যক্তিৰ ওপৰত NIA ৰ তদন্ত ঘোষণা কৰা হৈছিল। মুঠ ৮৮জন আৰক্ষী আঘাতপ্রাপ্ত হৈছিল ।

শংকৰদেৱ কলাক্ষেত্ৰত কূটাঘাতৰ ঘটনাৰ ১০ জন পদকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গোচৰৰ চুড়ান্ত প্রতিবেদন দাখিল কৰা হৈছে বুলি গৃহ বিভাগৰ তৰফৰ পৰা বিধানসভাৰ মজিয়াত অৱগত কৰা হয়। ।