দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

স্থান-কাল-পাত্ৰ ভেদে খাদ্য নিৰ্বাচন কৰিব নোৱাৰাৰ বাবেই ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল অসমৰ চৰকাৰী বিদ্যালয় এখনৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰী।

ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ চলি থকাৰ সময়তে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ত নিজে খাবলৈ নিয়া দুপৰীয়াৰ আহাৰত গো-মাংস নিছিল। বিভিন্ন ধৰ্মৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনলৈ প্ৰধান শিক্ষয়িত্ৰীয়ে গো-মাংস নিয়াৰ কথাটো মুহূৰ্ততে ৰাষ্ট্ৰ হৈ পৰে।

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ হুৰকাচুংগী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দালিমন নেছাৰ বিৰুদ্ধে দুপৰীয়াৰ আহাৰত খাবলৈ বিদ্যালয়লৈ গোমাংস নিয়াৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অনুসন্ধান চলাই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ১৫৩এ আৰু ২৯৫এ (ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্য্য, যিকোনো শ্ৰেণীৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰি ধৰ্মীয় অনুভূতি কলুষিত কৰা) , ১৫৩এ (বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অৱশেষত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।

বিদ্যালয় পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে ৫৬ বছৰীয়া প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰৰ বাবে বিদ্যালয়লৈ গোমাংস আনিছিল। সেই গো-মাংস বিদ্যালয়তে তেওঁ নিজে খোৱাৰ উপৰি আন কেইগৰাকীমান কৰ্মচাৰীকো পৰিৱেশন কৰিছিল।

ফলত বিদ্যালয় খনত এক অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি হৈছিল।

ঘটনাটোৱে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত ধৰ্মীয় উত্তেজনাৰ সৃষ্টি কৰিছিল। বিদ্যালয় পৰিচালনা সমিতিৰ পৰা অভিযোগ পোৱাৰ পিছতে আৰক্ষীয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক মতাই নি ঘটনাটোৰ বিষয়ে সোধা-পোছা কৰে আৰু ঘটনাৰ সত্যতা প্ৰমাণ হোৱাত তেওঁক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি প্ৰধান শিক্ষয়িত্ৰীগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।