কাশ্মীৰৰ দৰে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, চৰকাৰৰ একনায়কত্ববাদক অসমে কেতিয়াও সহ্য নকৰে : জুবিন

ৰাজ্যত  নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এক বিপ্লৱ আৰম্ভ হৈছে আৰু এই বিপ্লৱ কোনো ধৰণৰ হেঁচাত শান্ত নহয়। এই মন্তব্য শিল্পী জুবিন গাৰ্গৰ।

জনপ্ৰিয় শিল্পীগৰাকীয়ে পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিযোগ উত্থাপন কৰি কয় যে “নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদৰ গইনা লৈ চৰকাৰে অসমত কাশ্মীৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে।”

জুবিনে কয়ে, “আমাৰ আন্দোলন শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে হৈ আছে, কিন্তু নিৰাপত্তাৰক্ষীৰ গুলীত লোক নিহত হৈছে, এয়া দুখজনক। কিন্তু আমি অসমীয়াই হেঁচা প্ৰয়োগৰ ৰণনীতিত সেও নামানো। আমি কোনো কাৰণতে ‘কা’ মানি নলওঁ, ইয়াক আঁতৰাব লাগিব।”

অসমত প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট বন্ধ কৰি, সান্ধ্য আইন জাৰি কৰি জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত কৰাৰ দৰে কৰিব বিচাৰিছিল বুলি জুবিনে কয়।

জনপ্ৰিয় শিল্পী গৰাকীয়ে কয়, “চৰকাৰে আমাক দমন কৰিবৰ বাবে চেষ্টা কৰিছে। অসমত এনে পৰিস্থিতি কেতিয়াও দেখা নাছিলো। এয়া একনায়কত্ব। তেওঁলোকে অসমত কাশ্মীৰৰ দৰে ধ্বংসাত্মক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছল।”

জুবিনে জনসাধাৰণ মুৰ্খ নেকি যে এই ‘কা’ বুজি নাপায় বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে এই আন্দোলনৰ মুখ্য শক্তি “জনতা” বুলি পি টি আইৰ সাক্ষাৎকাৰত উল্লেখ কৰে।

“মই তেওঁলোকক কও যে জনতা এতিয়া জাগিছে আৰু এই বিপ্লৱ এতিয়া মাত্ৰ আৰম্ভহে হৈছে। সকলো স্তৰৰ লোকে এই আন্দোলনত যোগদান কৰিছে। আমি ইয়াক কেতিয়াও সহ্য নকৰো, অসমে কেতিয়াও এই চৰকাৰৰ একনায়কত্ববাদক সহ্য নকৰে।” জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয়।