মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ : পুনৰ নিৰ্বাচনী আয়োগৰ কাষ চাপিলে কংগ্ৰেছ মহাজোঁট

'কেয়াৰ-টেকাৰ চৰকাৰ হৈয়ো উপায়ুক্ত বা আন বিষয়াসকলক নিৰ্দেশ দিব পাৰিব?' ৰিপুন বৰাৰ প্ৰশ্ন

175850471_2964699650412295_7568401687319871358_n

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ তুলি জনতা ভৱনত উপস্থিত হয় কংগ্ৰেছ মহাজোঁটৰ এটা দল।

জনতা ভৱনত থকা নিৰ্বাচনী আয়োগৰ অস্থায়ী কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছ মহাজোঁটৰ নেতৃত্বই।

স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘বৰ্তমানৰ চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ৷এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিভিন্ন মন্ত্ৰীয়ে কেনেকৈ উপায়ুক্ত বা আন চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিব পাৰিব বা আলোচনা কৰিব পাৰিব? তেওঁলোকে বিভিন্ন জিলাৰ উপায়ুক্ত আৰু বিষয়াক সাক্ষাৎ কৰি কোভিড পৰিস্থিতি আলোচনা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে।‘

এইবোৰ আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে তথা তেওঁলোকেহে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগে বুলি দাবী কৰে ৰিপুন বৰাই।

আনহাতে, যদি জিলা উপায়ুক্তৰ সৈতে কিবা আলোচনা কৰিবলৈ থাকে তেন্তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰিব পাৰে বুলি দাবী তোলে ৰিপুন বৰাই।

ইপিনে, কৰোনাৰ অচিলা লৈ তেওঁলোকে ইভিএমৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি সন্দেহ কৰি বৰাই পুনৰ কয় ‘এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা ল’বলৈ আমি দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছো৷’

ইয়াৰোপৰি, বেলি মাৰ যোৱাৰ আগেয়ে ভোট গণনা শেষ হ’ব লাগে বুলি নিৰ্বাচনী আয়োগৰ ওচৰত দাবী তোলে কংগ্ৰেছে। ইয়াৰ লগতে কাউন্টিঙ টেবুলৰ সংখ্যা সমষ্টি অনুযায়ী তথা পোলিং ষ্টেছন বেছি থকা ঠাইত টেবুলৰ সংখ্যা বৃদ্ধি কৰিবলৈ কংগ্ৰেছে দাবী জনায় বুলি ৰিপুন বৰাই উল্লেখ কৰে।

আনহাতে, বৰ্তমান মডেল ক’ড অৱ কনডাক্ট চলি থকা সময়ত মুখ্যমন্ত্ৰীয়ে কেনেকৈ সকলো জিলাৰ উপায়ুক্তক লগত লৈ বৈঠক কৰিব পাৰিব? বুলি সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰি কংগ্ৰেছী প্ৰাৰ্থী ভূপেন বৰাই কয় ‘ক’ভিডৰ গয়না লৈ বিজেপিয়ে আন বেলেগ ৰাজনীতি আৰম্ভ কৰিছে। প্ৰয়োজনত পৰ্যাপ্ত পৰিমাণৰ বিষয়া গণনা কক্ষত নিয়োগ কৰিব লাগে যাতে ভোট গণনাত বেমেজালি নহয়৷’