ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ দ্বিবাৰ্ষিক সন্মিলন আয়োজনৰ প্ৰস্তুতি

কৰ্কটৰোগ আৰু ইয়াৰ বিষয়ে সজাগতা, মৰণোত্তৰ দেহদানৰ প্ৰাসংগিকতা তথা প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা চক্ৰ

Elora Vigyan Mancha

জনসাধাৰণৰ মাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা স্বেচ্ছাসেৱী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাই সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে সফলতাৰ দুটা বছৰ। ২০২২ চনৰ ১৩ ফেব্ৰুৱাৰীত গঠন হোৱা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰথম দ্বিবাৰ্ষিক সন্মিলন আয়োজনৰ প্ৰস্তুতি চলাইছে।

শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সন্মিলনখনি বিশেষভাৱে মৰ্যাদাপূৰ্ণ কৰি তোলাৰ উদ্দেশ্যে ‘বিশ্ব কৰ্কটৰোগ দিৱস’ৰ প্ৰতি লক্ষ্য ৰাখি অহা ৪ ফেব্ৰুৱাৰীত ঢেকিয়াজুলিস্থিত শ্বহীদ উদ্যানৰ শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে।

উক্ত দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ১০ বজাত পতাকা উত্তোলন আৰু মঞ্চৰ শীৰ্ষ-গীত পৰিৱেশনৰ পিছতে বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ প্ৰথম দ্বিবাৰ্ষিক সাধাৰণ সভাখন আৰম্ভ কৰা হ’ব।

সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক চোহন বাষ্ফৰে মঞ্চৰ পতাকা উত্তোলন কৰিব। উক্ত কাৰ্যসূচীৰ উপৰিও একে দিনাই আন দুটি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ আগ্ৰহী ৰাইজৰ উদ্দেশ্যে দিনৰ ১১-৩০ বজাত মঙলদৈৰ সমাজসেৱী চিকিৎসক ডাঃ কমলেশ্বৰ নাথ আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এনাটমী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ মালবিকা দেবীৰ বক্তব্যৰে এখনি মুকলি সভা অনুষ্ঠিত হ’ব।

উক্ত সভাৰ মূল আলোচ্য বিষয় হৈছে ক্ৰমেঃ ক) কৰ্কটৰোগ আৰু ইয়াৰ বিষয়ে সজাগতা খ) মৰণোত্তৰ দেহদানৰ প্ৰাসংগিকতা তথা প্ৰয়োজনীয়তা।

আনহাতে দিনৰ ২-৩০ বজাৰ পৰা বিয়লি ৬ বজা পৰ্যন্ত ডাঃ কমলেশ্বৰ নাথৰ লগতে আন দুগৰাকী উদ্যমী, আগ্ৰহী তথা সমাজসেৱী চিকিৎসক ক্ৰমে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপক দাস আৰু ঢেকিয়াজুলিৰ সামূহিক স্বাস্থ্য বিষয়া তথা শাখাটিৰ অন্যতম সদস্য ময়ূৰ কৃষ্ণ বৰাৰ সহযোগত ঢেকিয়াজুলি চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ উদ্দেশ্যে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰা হ’ব।

মুকলি সভাখনিৰ ঠিক পিছতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱতম আজীৱন সদস্যসকলক প্ৰমাণ পত্ৰ প্ৰদান আৰু মৰণোত্তৰ দেহদানৰ বাবে শেষ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰাসকলৰ চিনাকি পৰ্ব আৰু তেওঁলোকক ড’নৰ কাৰ্ড প্ৰদান অনুষ্ঠানটিও দিনজোৰা কাৰ্যসূচীৰ অন্যতম অংশ বুলি ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সম্পাদক প্ৰজিত নাথে জানিবলৈ দিয়ে।

উক্ত দিনজোৰা কাৰ্যসূচীৰ ক্ষেত্ৰত অঞ্চলটোৰ সমূহ বিজ্ঞানমনস্ক ৰাইজৰ সহযোগিতা, উপস্থিতি আৰু সু-পৰামৰ্শই সমাজখন অন্ধবিশ্বাস তথা কুসংস্কাৰবোৰ নেওচি বিজ্ঞানমনস্কতাৰ দিশে এঢাপ হ’লেও আগুৱাই যোৱাত সহায় কৰাটো নিশ্চিত বুলি আশা প্ৰকাশ কৰে নাথে।