প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ
বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি (GKLHRPC) – এ প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰা অসম চৰকাৰৰ সিদ্ধান্তক তীব্ৰ গৰিহণা জনাইছে। সমিতিয়ে ৩১ জুলাইত প্ৰকাশ কৰা এক বিবৃতিত কয় যে গোলাঘাটৰ সত্ৰ আদালতে ২৯ জুলাইত জামিন মঞ্জুৰ কৰাৰ পাছতো ৩০ জুলাইত অসম চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত প্ৰণৱ দলেক পুনৰ গ্ৰেপ্তাৰ কৰে।
সমিতিৰ মতে, চৰকাৰৰ এই সিদ্ধান্তই ভাৰতীয় সংবিধান, গণতান্ত্ৰিক অধিকাৰ আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰৰ ওপৰত আঘাত হানিছে।
বিবৃতিত উল্লেখ কৰা হৈছে যে, ৩১ জুলাইৰ দুপৰীয়া প্ৰণৱ দলেৰ পিতৃৰ হাতত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত এখন জাননী প্ৰদান কৰা হয়। সেই সময়ত আদালতৰ স্বাক্ষৰিত জামিনৰ আদেশৰ ভিত্তিত তেওঁৰ মুক্তিৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা চলি আছিল। সমিতিৰ অভিযোগ, আদালতে জামিন দিয়াৰ পিছতো আৰক্ষী আৰু প্ৰশাসনে আক্ৰোশমূলকভাবে সেই সিদ্ধান্ত কাৰ্যকৰী হোৱাত বাধা দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।
সমিতিয়ে আৰু কয় যে, হায়াট গ্ল’বেল ব্ৰেণ্ডৰ হোটেল নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কত প্ৰণৱ দলেয়ে কৃষিভূমি আৰু জীৱিকাৰ সুৰক্ষাৰ দাবীত অটল হৈ থকা আদিবাসী পৰিয়ালসমূহৰ কাষত থিয় দিছিল। এই কাৰণেই তেওঁক লক্ষ্য কৰি লোৱা হৈছে বুলি সমিতিয়ে অভিযোগ কৰিছে। লগতে, বিলাসী পৰ্যটন প্ৰকল্প গঢ়ি তুলিবলৈ খিলঞ্জীয়া জনগোষ্ঠীৰ কণ্ঠ স্তব্ধ কৰাৰ চেষ্টা চলোৱা হৈছে বুলিও বিবৃতিত কোৱা হৈছে।
বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে বিবৃতিটোৰ জৰিয়তে প্ৰণৱ দলেৰ ওপৰত আৰোপ কৰা এই আইন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰি তেওঁক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাইছে। সমিতিৰ মতে, গণতান্ত্ৰিক আন্দোলনত জড়িত এজন নেতাৰ ওপৰত এইধৰণৰ কঠোৰ আইন প্ৰয়োগ কৰাটো গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক।