বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ! মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব

ঘটনাৰ স্থান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাবামাৰ মন্টগোমাৰী আঞ্চলিক বিমানবন্দৰ। দুপৰীয়া তেতিয়া তিনি বাজিছিল। এই ব্যস্ত বিমানবন্দৰটোত বিমানসমূহৰ চলাচল স্বাভাৱিকভাৱে নিজস্ব ছন্দত চলি আছিল। এটা সময়ত হঠাতে ডালাছৰ পৰা এখন বিমান বিমানবন্দৰত অৱতৰণ কৰে। পেডমন্ট এয়াৰলাইনছৰ এজন কৰ্মচাৰী বিমানখন ঠিক আছে নে নাই পৰীক্ষা কৰিবলৈ বিমানখনৰ সন্মুখলৈ গৈছিল। তাতেই ঘটে বিপদজনক ঘটনাটো।

বিমানখনৰ সন্মুখলৈ গৈ কৰ্মচাৰীজনে অনুভৱ কৰিলে যে বিমানখনৰ ইঞ্জিনটো তেতিয়াও চলি আছে। ইঞ্জিনৰ সন্মুখলৈ যোৱাৰ লগে লগে ইঞ্জিনটোৱে তেওঁক টানি লৈ গ’ল। মুহূৰ্ততে তেওঁৰ শৰীৰটো ছিন্ন-ভিন্ন হৈ পৰিল। বিমানবন্দৰত কাম কৰা কেইবাহাজাৰ কৰ্মচাৰীয়ে এই ভয়ংকৰ ঘটনাটো প্ৰত্যক্ষ কৰে।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে ৰাহুল গান্ধীলৈ পত্ৰ লিখি শুভেচ্ছা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ

ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা (এনটিএছবি) বোৰ্ডৰ মতে, বাতৰিটো পোহৰলৈ অহাৰ পিছত সকলোৱে হতবাক হৈ পৰে। ঘটনাটো এয়াৰলাইনৰ পৰা নিশ্চিত হোৱাৰ কেইঘণ্টামান পিছত এয়াৰলাইনৰ দ্বাৰা এটা আনুষ্ঠানিক শোক বাৰ্তা জাৰী কৰা হয়।

বিমানবন্দৰৰ কাৰ্যবাহী সঞ্চালক ৱেড ডেভিছে কয়, “আমি এই কঠিন সময়ত কৰ্মচাৰীজনৰ পৰিয়ালৰ কাষত থিয় দিছোঁ। কৰ্মচাৰীৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। এনচিএছবি আৰু বিমান প্ৰশাসনে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধান কৰি আছে।‘’

লগতে পঢ়ক: ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

উল্লেখ্য যে এনেধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়। এইটো মুম্বাই বিমানবন্দৰত আগতেও ঘটিছিল। ২০১৫ চনত আই ৬১৯ যাত্ৰীবাহী বিমানখন পাৰ্কিং বে-ত ৰখাই থোৱা হৈছিল। হায়দৰাবাদলৈ যোৱাৰ আগতে পৰীক্ষা কৰোঁতে এজন ইণ্ডিগ’ গ্ৰাউণ্ড ষ্টাফ হঠাতে ইঞ্জিনত সোমাই পৰিছিল। এইবাৰ ঘটনাটো যেন ঠিক সেই ঘটনাটোৰে পুনৰাবৃত্তি।