• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

বনজিৎ হুছেইন by বনজিৎ হুছেইন
August 13, 2025 11:25 am
উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি
259
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল : বনজিৎ হুছেইন
উৎস – দ্য ৱায়াৰ
ভাবানুবাদ : বিদিশা বৰ্মন, অঞ্জুমান ভৰদ্বাজ

নব্য-উদাৰবাদী ৰাষ্ট্ৰসমূহে ব্যৱহাৰ কৰা ভূতত্ত্বৰ সংজ্ঞা নিৰপেক্ষ নহয়। আমি সততে ব্যৱহাৰ ‎কৰা ‘ভূ-তাত্ত্বিক জৰীপ’, ‘নিলামৰ বাবে সাজু’, আৰু ‘বিনিয়োগৰ বাবে উপযোগী অঞ্চল’ৰ ‎দৰে শব্দবোৰে যদি কেৱল কাৰিকৰী দিশটোকে বৰ্ণনা কৰে বুলি ভাবোঁ তেন্তে ভুল কৰা ‎হ’ব। কাৰণ প্ৰকৃতাৰ্থত এই শব্দবোৰে মানুহৰ আৱাস, অৰণ্য তথা ভূ-গৰ্ভক ভৱিষ্যতৰ লাভ ‎উপাৰ্জনৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰে।

চলিত বৰ্ষৰেই জুন মাহত প্ৰকাশিত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ ‘উত্তৰ-পূব ভাৰতৰ ভূতাত্ত্বিক ‎সম্ভাৱনীয়তা : ঐশ্বৰ্যময় ভূ-প্ৰকৃতিৰ গৰ্ভত লুকাই থকা খনিজাত সম্পদৰ ভঁৰাল’ শীৰ্ষক ‎হাতপুথিখন ইয়াৰ এটা জলন্ত উদাহৰণ। তদুপৰি হাতপুথিখনত আমোলাতান্ত্ৰিক আৰু ‎বৈজ্ঞানিক বিশ্লেষণৰ যি এক আৱৰণ দিবলৈ চেষ্টা কৰা হৈছে সি সম্পদ আহৰণৰ উদ্দেশ্যক ‎উহ্য কৰি ৰাখিছে। হাতপুথিখনে উত্তৰ-পূব ভাৰতৰ ইতিহাস আৰু পৰিৱেশ বিজ্ঞানৰ জটিল ‎সমল হিচাপে ভূমিকা পালন কৰাৰ সলনি নিৰৱে উত্তৰ-পূৰ্বাঞ্চলক খিলঞ্জীয়া লোকৰ শোষণৰ ‎বাবে প্ৰস্তুত কৰা খনিজাত সম্পদ সমৃদ্ধ সীমান্ত হিচাপহে চিহ্নিত কৰিছে। ‎

‎“অঞ্চলটোৰ সম্ভাৱনা থকা সত্ত্বেও, উত্তৰ-পূৰ্বাঞ্চলত খনিজ সম্পদৰ সৈতে জড়িত উন্নয়ন ‎ঐতিহাসিকভাৱে যথেষ্ট কঠিন। উত্তৰ-পূৰ্বাঞ্চলৰ ভূখণ্ডৰ অৱস্থা, পৰিৱেশ সংবেদনশীলতা, ‎সীমিত আন্তঃগাঁথনি, আৰু আৰ্থ-ৰাজনৈতিক সংবেদনশীলতাৰ দৰে প্ৰত্যাহ্বানৰ দ্বাৰা ‎এইধৰণৰ উন্নয়ন এতিয়া একেবাৰে দূৰূহ হৈ পৰিছে।”‎

প্ৰায়ে এটা শব্দ শুনা যায় – আৰ্থ-ৰাজনৈতিক সংবেদনশীলতা – যাক খিলঞ্জীয়াৰ ভূমিৰ ‎অধিকাৰ, সুক্ষ্ম পৰিৱেশ তন্ত্ৰ, আৰু প্ৰতিৰোধৰ দীৰ্ঘ ইতিহাসক বুজাবলৈ প্ৰতীক হিচাপে ‎ব্যৱহাৰ কৰা হয়। কিন্তু নামকৰণৰ ক্ষেত্ৰত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ হাতপুথিখনে এই ‎দিশসমূহক স্বীকৃতি নিদিয়ে; হাতপুথিখনে এইবোৰ দিশ চেৰাই গৈ মাত্ৰ সম্পদ আহৰণ কৰি ‎যোৱাৰহে পৃষ্ঠপোষকতা কৰে।

হাতপুথিখনে উত্তৰ-পূবক খনিজাত সম্পদ সমৃদ্ধ অঞ্চল আৰু ব্যক্তিগত বিনিয়োগৰ বাবে ‎আদৰ্শ অঞ্চল হিচাপে দাঙি ধৰিছে। খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী ‎আইন, ২০১৫ৰ পাছৰে পৰা ভাৰতীয় ভূতাত্ত্বিক জৰীপে সক্ৰিয়ভাৱে নিলামৰ বাবে সাজু ‎অঞ্চলসমূহৰ তথ্য প্ৰস্তুত কৰিছে। ‎

হাতপুথিখনৰ পঢ়িলে বুজা যায় যে ভাৰতীয় ভূতাত্ত্বিক জৰীপে দুষ্প্ৰাপ্য খনিজ সম্পদ, ‎গ্ৰেফাইট, ভেনাডিয়াম, চূণশিল, আইৰণ অক্সাইড আদিৰ দৰে খনিজাত পদাৰ্থৰ বাবে আহিলা ‎বৃদ্ধি কৰাৰ লগতে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) সংশোধনী আইন, ২০১৫ৰ ‎পাছত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ৩৮টা ভূতাত্ত্বিক ব্লক চিহ্নিত কৰিছে, যিয়ে ভাৰতৰ ‎খনিজ খণ্ডৰ বৃহৎ উদ্যোগীসকলৰ আগ্ৰহ বৃদ্ধিত অৰিহণা যোগাইছে।”‎

এই হাতপুথিখনএইবাবেই বিতৰ্কিত কাৰণ ইয়াত খিলঞ্জীয়াৰ পূৰ্বপুৰুষৰ ভূখণ্ডক বসবাসৰ ‎অনুপযোগী কৰি তোলাৰ উদ্দেশ্য একেবাৰে স্পষ্ট। বেদান্তা, অইল ইণ্ডিয়া, ডালমিয়া, অম্বুজা ‎আদিৰ দৰে কোম্পানীসমূহক উন্নয়নৰ অংশীদাৰ হিচাপে নহয় বৰঞ্চ ‘স্থানীয় সাৰ্বভৌমত্বৰ ‎ওপৰত ৰাষ্ট্ৰৰ নেতৃত্বত চলা আক্ৰমণ’ৰ ফলত লাভ হ’বলগীয়া হিতাধিকাৰী হিচাপে স্থান দিয়া ‎হৈছে।

জলবায়ু পৰিৱৰ্তনৰ দোহাই দি আমাৰ মনত ভয়ৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাক ‎কোৱা হৈছে যে দুষ্প্ৰাপ্য খনিজ পদাৰ্থ বিদ্যুৎচালিত গাড়ীৰ বেটাৰী আৰু সৌৰ পেনেলৰ বাবে ‎অপৰিহাৰ্য। কিন্তু দিল্লী আৰু বেংগালুৰুত সেউজ শক্তি ব্যৱহাৰৰ বাবে উত্তৰ-পূবৰ পাহাৰ ‎আৰু বানপানীৰ দ্বাৰা জুৰুলা সমভূমিৰ খনিজাত সম্পদ কিয় অপৰিহাৰ্য? সেউজ পুঁজিবাদে ‎প্ৰকৃতিৰ বুকুৰ পৰা সম্পদ আহৰণৰ ধাৰণাক নস্যাৎ নকৰে বৰঞ্চ ই ইয়াক পুনৰ ‎নামকৰণহে কৰে, বনাঞ্চলসমূহক কাৰ্বন নিৰ্গমনস্থলী আৰু খিলঞ্জীয়াৰ মাটিক নিলাম লটলৈ ‎ৰূপান্তৰিত কৰাৰ লগতে মানৱ সমাজৰ মাজত প্ৰদূষণ, স্থানচ্যুতি আৰু হিংসাৰ দৰে ‎ঋণাত্মক উপাদানসমূহ এৰি দিয়ে।

হাতপুথিখনৰ খনিজ সম্পদ আহৰণৰ যুক্তিয়ে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যক খনিজ আয়তন ‎আৰু মূল্যৰ বাবে নিখুঁতভাৱে তালিকাভুক্ত কৰা অঞ্চল হিচাপে চিহ্নিত কৰিছে। একে সময়তে ‎হাতপুথিখনে অঞ্চলটোৰ আৰ্থ-সাংস্কৃতিক আৰু পৰিবেশগত জটিলতাসমূহো সম্পূৰ্ণৰূপে ‎উলাই কৰি চলিছে।

অৰুণাচল প্ৰদেশত ভাৰতীয় ভূতাত্ত্বিক জৰীপে ১১টা প্ৰধান খনিজ সম্পদ পোৱা স্থান চিনাক্ত ‎কৰিছে, যিসমূহ অঞ্চল মূলতঃ নামনি সোৱণশিৰি, পাপুম পাৰে, আৰু পাক্কে-কেছাং জিলাত ‎অৱস্থিত। ভেনাডিয়াম, গ্ৰেফাইট আৰু আপুৰুগীয়া সম্পদ সমৃদ্ধ ভৰাঁলৰ বাবে চিনাক্ত কৰা ‎এই অঞ্চলসমূহৰ পৰিৱেশিকভাৱে সংবেদনশীল পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ সৈতে প্ৰত্যক্ষ ‎সম্পৰ্ক আছে।

এই ভূ-প্ৰাকৃতিক অঞ্চল কেৱল বিৰল আৰু বিপন্ন প্ৰজাতিসমূহৰ বাসস্থানেই নহয়, এই ‎পৰিৱেশ তন্ত্ৰৰ সৈতে খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মৌলিক জীৱন-যাপনৰ দিশটোও সংপৃক্ত হৈ ‎আছে। তথাপিও এই পৰিৱেশ আৰু আৰ্থ-সাংস্কৃতিক সংবেদনশীলতাক সম্বোধন কৰাৰ ‎পৰিৱৰ্তে জিএছআইয়ে সমগ্ৰ অঞ্চলটোক কেৱল সম্ভাৱ্য খনিজ সম্পদ আহৰণৰ বাবে গুৰুত্ব ‎দিয়াটো যথেষ্ট উদ্বেগজনক।

ইয়াৰোপৰি হাতপুথিখনত উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনিগত হৃদপিণ্ড অসমত আৰু অধিক খনিজ ‎সম্পদ থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ভাৰতীয় ভূতাত্ত্বিক জৰীপে ডিমা হাছাও জিলাক খনিজ সম্পদ আহৰণৰ এটা প্ৰধান স্থান ‎হিচাপে চিনাক্ত কৰিছে, উমৰাংছ’, পানীমূৰ আৰু গৰমপানী অঞ্চল আৰু ইয়াৰ আশে-পাশে ‎একাধিক নিলামৰ বাবে সাজু বিস্তৃত অঞ্চলত প্ৰায় ১.৪৯ কোটি টন চূণশিলৰ অৱস্থিতি ‎তালিকাভুক্ত কৰিছে। কাৰ্বি আংলঙত হাতপুথিখনে আপুৰুগীয়া পৃথিৱীৰ মৌলসমূহৰ (আৰ ই ‎ই) অপৰিসীম “কৌশলগত” মূল্যৰ ওপৰত আলোকপাত কৰিছে। লগতে যশোৰা আৰু ‎ছামচাম্পি-ছামতেৰন ক্ষাৰকীয় পৰিসৰত বিশেষভাৱে অৱস্থিত প্ৰায় ২৮.৬৪ মিলিয়ন টন ‎দুষ্প্ৰাপ্য মৌল চাইনাইটৰ বিশদ বিৱৰণ দিছে।

ইয়াৰ উপৰিও নগাঁও জিলাৰ বিশেষকৈ কলিয়াবৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ আশে-‎পাশে প্ৰায় চাৰি মিলিয়ন টন চিলিকা ছেণ্ড-ৰ ক্ষেত্ৰত ইতিমধ্যে খনিজাত সম্পদৰ প্ৰতি আগ্ৰহী ‎প্ৰধান কোম্পানীসমূহে ক্ৰয় কৰাৰ মন মেলিছে। হাতপুথিখনত পোৱা অনুসৰি ধুবুৰী জিলাৰ ‎চান্দৰডিঙা অঞ্চলৰ পৰা আনুমানিক ১৮.২৯ মিলিয়ন টন সম্পদৰ সৈতে আইৰণ অক্সাইডৰ ‎ভৰাঁলৰ তথ্য পোৱা গৈছে।”‎

তথাপি সম্পদৰ এই নিখুঁট তালিকা প্ৰস্তুত কৰাৰ সময়ত হাতপুথিখনে স্পষ্টভাৱে কাৰ্বি, ‎ডিমাছা, তিৱা আদি অসমীয়া জনগোষ্ঠীক, যাৰ মাটি আৰু জীৱিকাৰ পোনপটীয়া সম্পৰ্ক ‎আছে তেওঁলোকৰ জীৱনক উলাই কৰিছে। জৈৱ বৈচিত্ৰ্য আৰু সাতামপুৰুষীয়া কৃষি ‎পৰম্পৰাৰে সমৃদ্ধ কাৰ্বি পাহাৰে কপিলী আৰু ধনশিৰিৰ দৰে জটিল নদী ব্যৱস্থাক খাদ্য ‎যোগান ধৰি হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকাক জীয়াই ৰাখিছে।

ডিমা হাছাওত চূণশিল সমৃদ্ধ পাহাৰবোৰে ডিমাছাৰ প্ৰথাগত প্ৰথা যেনে ঝুম খেতি আৰু ‎‎‘সম্প্ৰদায় পৰিচালিত’ বনাঞ্চলৰ বিৰুদ্ধে থিয় দিছে, আনহাতে নগাঁৱৰ চিলিকা বালি সমৃদ্ধ ‎নদীৰ পাৰে কৃষিভিত্তিক স্থানীয় অৰ্থনীতি বজাই ৰাখি আহিছে।কিন্তু পৰিতাপৰ কথা এই ‎প্ৰয়োজনীয় স্থানীয় প্ৰসংগসমূহৰ কোনোটোৱেই জিএছআইৰ বিশ্লেষণত দেখা পোৱা নগ’ল।

বৰঞ্চ পুথিখনে এই অঞ্চলসমূহক কেৱল খনিজ সম্পদ নিষ্কাশনৰ বাবে অপেক্ষাৰত খনিজাত ‎অঞ্চল হিচাপে গণ্য কৰে। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ নথিখনে ষষ্ঠ অনুসূচীৰ অধীনত ‎বৰ্তমানৰ সাংবিধানিক সুৰক্ষাৰ সমূহ দিশ পদ্ধতিগতভাৱে বাদ দিয়াৰ লগতে স্থানীয় ‎সম্প্ৰদায়সমূহৰ সন্মতি বা পৰামৰ্শৰ প্ৰয়োজনীয়তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে । ভূগৰ্ভত ‎থকা খনিজ সম্পদসমূহ নিষ্কাষণৰ চিন্তাই অসমৰ বিভিন্ন সম্প্ৰদায় বাস কৰা পৰিৱেশ, ‎সাংস্কৃতিক স্বায়ত্তশাসন আৰু অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে।

ঠিক একেদৰে অফুৰন্ত প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰপুৰ মেঘালয়ৰ জয়ন্তীয়া ‎পাহাৰত যোৱা কেইবাদশক ধৰি অবাধ হাৰত খনিজ সম্পদৰ নিষ্কাষণ চলি আছে। এতিয়া ‎এই অঞ্চলটোক আৰু অধিক চূণশিল নিষ্কাষণৰ বাবে লক্ষ্য কৰি লোৱা হৈছে। ইতিমধ্যে এই ‎অঞ্চলত ৬.৬ বিলিয়ন টনতকৈও অধিক চূণশিলৰ সন্ধান পোৱা গৈছে বুলি নথিভুক্ত হৈছে, ‎যিবোৰ নিষ্কাষণৰ বাবে নতুনকৈ ১৯ টা খনি স্থাপনৰ প্ৰস্তাৱ আাগবঢ়োৱা হৈছে। মেঘালয়ত ‎এইদৰে অবাধ হাৰত চলি থকা খনিসমূহৰ পৰা নিৰ্গত এচিডে মেঘালয়ৰ নদীসমূহ ‎ভয়ানকভাবে প্ৰদূষিত কৰিছে বুলি ২০১২ চনৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰতিবেদনে ‎স্পষ্ট প্ৰমাণ দাঙি ধৰাৰ পিছতো পূৰ্বতকৈ অধিক হাৰত খনন কাৰ্য চলাই থকা হৈছে আৰু ‎হাতপুথিখনতো এই অঞ্চলটোক বিনিয়োগৰ এক উত্তম ক্ষেত্ৰ বুলিহে বিবেচনা কৰা হৈছে। ‎

অথচ এই খননৰ ফলত ভূ-প্ৰাকৃতিক পৰিৱেশ, বায়ুমণ্ডল আৰু নদীসমূহৰ যি ক্ষতি হৈছে ‎আৰু এই ক্ষতিৰ ফলত স্থানীয় লোকজীৱনত যি কুপ্ৰভাৱ পৰিছে সেই কুপ্ৰভাৱ কাহানিও ‎স্বীকাৰ কৰা হোৱা নাই। এই ক্ষতি সম্পৰ্কে স্থানীয় লোকসকলক অৱগত কৰাৰ পৰিৱৰ্তে ‎সাম্ভাৱ্য বিনিয়োগকাৰীসকলক নিৰ্ভয়বাণী প্ৰদানৰ এক প্ৰক্ৰিয়াহে চলি থকা দেখিবলৈ পোৱা ‎গৈছে।

সম্পদ আহৰণৰ বাবে ঘাইপথ, দলং, ৰেলপথ, আৰু নদীৰ বন্দৰকে ধৰি এক বিশাল ‎আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, যিয়ে দূৰৱৰ্তী আৰু স্পৰ্শকাতৰ অঞ্চলত মাজেৰে সম্পদসমূহ ‎কঢ়িয়ালৈ লৈ যোৱাত সহায় কৰে। তেনে কিছু আন্তঃগাঁথনি, যেনে ট্ৰান্স-অৰুণাচল ঘাইপথ, ‎মিজোৰামৰ বৈৰাবি-ছৈৰাং ৰে’ল সংযোগ, আৰু অৰুণাচল প্ৰদেশত নতুন ৰে’লহেড সমূহ ‎‎(নাহৰলগুণ, পাচিঘাট, ভালুকপং-টাৱাং আৰু চিলাপথাৰ-আলো লাইন আদি)ৰ দৰে প্ৰকল্পই ‎এই সীমান্ত অঞ্চলসমূহৰ পৰা সম্পদৰ আমদানি সহজ সম্ভৱ কৰি তোলে। কিন্তু এই ‎আন্তঃগাঁথনিসমূহক দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ নিৰাপত্তাজনিত কাৰকৰ সৈতে জড়িত বুলি ‎প্ৰচাৰ কৰাৰ লগতে তাত দেশৰ চোৰাংচোৱাৰ প্ৰভাৱ বিস্তাৰ কৰা হয়।

মন কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা ধুবুৰী-ফুলবাৰী দলংখনো হৈছে ‎সহজে সম্পদ আহৰণৰ আন এটা ‎কৌশলৰ অংশ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত ১৯ কিঃমিঃ ‎দৈৰ্ঘ্যৰ এই দলংখনেই হ’ব ভাৰতৰ আটাইতকৈ দীঘল দলং। এই ‎দলংখন নিৰ্মাণ কৰি ‎ইয়াক আন্তঃগাঁথনিৰ উন্নয়ন বুলি প্ৰতিপন্ন কৰিব খোজা হৈছে যদিও ই প্ৰকৃততে কম ‎খৰচতে খনিজ ‎সম্পদ আহৰণ কৰি লৈ যোৱাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা। কিয়নো, এই ‎দলংখনে মেঘালয়ৰ জয়ন্তীয়া আৰু খাচী পাহাৰৰ ‎বুকুত লুকাই থকা চূণশিলকে ধৰি ‎৬,৬০০ নিযুত টনতকৈ অধিক খনিজ সম্পদ কম খৰচতে ধুবুৰীৰ নদী বন্দৰলৈ কঢ়িয়াই ‎‎নিয়াত সুচল যাতায়তৰ ব্যৱস্থা গঢ়ি তুলিব।

এয়া কেৱল যাতায়ৰ আন্তঃগাঁথনি নহয়, ই হৈছে এক পৰিকল্পিত আৰু কৌশলগত ‎বিন্যাস। বহু ক্ষেত্ৰত সম্পদ আহৰণৰ সহায়ৰ বাবে পথ আৰু ৰে’লপথৰ দৰে আন্তঃগাঁথনি ‎নিৰ্মাণ কৰা হয়। লক্ষ্য কৰিব, খনন আৰম্ভ হোৱাৰ আগতেই এই পথ নিৰ্মাণ কৰা হয়, ‎আৰু খননৰ বাবে কৰ্তৃপক্ষত সৈতে চুক্তি স্বাক্ষৰ কৰাৰ আগতেই ৰে’লহেড স্থাপন কৰা হয়। ‎ঠিক যেন ৰাস্তাবোৰে বাট চাই থাকে খননলৈ আৰু ৰেলহেডবোৰে বাট চাই থাকে নিষ্কাষণৰ ‎চুক্তিলৈ।

নিৰাপত্তা ব্যৱস্থাই যে সম্পদ আহৰণ কৰি লৈ যোৱাত সহায় কৰে সেই কথা এই হাতপুথি ‎খনত স্পষ্ট। হাতপুথিখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এক জটিল ভূ-ৰাজনৈতিক ‎সংযোগস্থল হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। ইয়াত কোৱা হৈছে যে উত্তৰ-পূব ‎ভাৰতৰ ৰাজ্যসমূহ চীন, ভূটান, ম্যানমাৰ, আৰু বাংলাদেশৰ সীমাত অৱস্থিত। সেয়েহে ‎ভাৰতীয় ভূতাত্ত্বিক জৰীপ -এ কৌশলেৰে এই সীমান্তৱৰ্তী অঞ্চলসমূহক “ভাৰতৰ খনিজ ‎সম্পদৰ সুৰক্ষাৰ বাবে নতুন সীমা” বুলি অভিহিত কৰাৰ লগতে প্ৰগতিৰ সপোন দেখুৱাই ‎বৃহৎ বান্ধ, চাৰিশৰীয়া পথ, ৰে’লহেডৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে।

এই পন্থাটো নতুন নহয়; ই হৈছে বিদ্ৰোহ দমনৰ বাবে কেইবাদশক ধৰি চলি অহা কৌশলৰ ‎এক শক্তিশালী সংস্কৰণ। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ১৯৫০ চনৰ পৰা উত্তৰ-পূব ‎ভাৰতত নগা বিদ্ৰোহী সংগঠনসমূহ, মিজো বিদ্ৰোহী সংগঠনসমূহ, সংযুক্ত মুক্তি বাহিনী ‎অসম(স্বাঃ) আদিৰ লগতে বডো, কাৰ্বি, ডিমাছা আদি জাতি-জনগোষ্ঠীয়ে নিজৰ নিজৰ প্ৰাপ্য ‎অধিকাৰ, ভূমি আৰু সম্পদৰ ওপৰত নিজৰ অধিকাৰ, স্বাভিমান আৰু স্বাধিকাৰৰ বাবে ‎সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে। এই প্ৰতিটো বিদ্ৰোহ দমনৰ বাবে চৰকাৰে সশস্ত্ৰ বাহিনী ‎‎(বিশেষ ক্ষমতা) আইন বলৱৎ কৰাৰ লগতে ঠায়ে ঠায়ে সামৰিক শিবিৰ স্থাপন কৰিছে আৰু ‎চেকপইণ্ট নিৰ্মাণ কৰিছে, যিবোৰ এতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক অংশ হৈ পৰিছে।

ৰাষ্ট্ৰই দুৰ্লভ আৰু মূল্যবান খনিজ সম্পদ সমূহ নিষ্কাশনৰ সুবিধাৰ বাবে ইতিমধ্যে বহুতো ‎সামৰিক চাউনী পুনৰুজ্জিৱীত কৰি তুলিছে। গতিকে, খনিজ সম্পদসমৃদ্ধ অঞ্চলসমূহক ‎সামৰিক অঞ্চল হিচাপে গঢ়ি তোলাতো কোনো কাকতালীয় কথা নহয়। ‎

সাধাৰণতে দেখা যায় যে যিসমূহ জিলা খনিজ সম্পদেৰে ভৰ-পূৰ হৈ আছে সেই ‎জিলাসমূহত প্ৰত্যাশিতভাবে সামৰিক বাহিনীৰ উপস্থিতি অতিকে শক্তিশালী। ইয়াত সামৰিক ‎বাহিনীয়ে সম্পদৰ সুৰক্ষাৰ সলনি সম্পদ নিষ্কাষণ কৰাৰ ক্ষেত্ৰতহে সহায় কৰে। যেতিয়া ‎মানুহে প্ৰতিবাদ বা সশস্ত্ৰ বিদ্ৰোহেৰে এনে নিষ্কাষণত বাধা প্ৰদান কৰে তেতিয়া চৰকাৰে ‎সেই ঠাইত অধিক সামৰিক বাহিনী নিয়োগ কৰি তাৰ প্ৰত্যুত্তৰ দিয়ে। গতিকে, আৰ্হিটো ‎অতিকে স্পষ্ট – সম্পদ লুন্ঠনৰ বাবে চৰকাৰে উন্নত ৰাস্তা-ঘাট নিৰ্মাণ কৰে আৰু ‎অঞ্চলসমূহৰ সুৰক্ষাৰ দোহাই দি সামৰিক বাহিনী নিয়োগ কৰে।

লক্ষণীয়ভাবে পশ্চিম অসমৰ ধুবুৰী জিলাতো চৰকাৰে একেই আৰ্হি প্ৰয়োগ কৰা দেখিবলৈ ‎পোৱা গৈছে। হাতপুথিখনত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ ধুবুৰীৰ চন্দৰডিংগা অঞ্চলত ‎১ কোটি ৮২৯ লাখ টন লোহাৰ অক্সাইডৰ সন্ধান লাভ কৰা হৈছে। ইয়াৰ সমান্তৰালভাবে ‎সাম্ভাৱ্য সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত ‎নতুনকৈ এটা স্থানীয় সেনা শিবিৰ স্থাপনৰ কৰাৰ কথা ঘোষণা কৰিছে। সাধাৰণভাবে ‎চাবলৈ গ’লে এই সেনা শিবিৰ স্থাপন দেশৰ নিৰাপত্তাৰ অংশ যেন লাগিলেও এই কথা ‎উপেক্ষা কৰাটো কঠিন যে চৰকাৰে একেই আৰ্হিৰেই নতুনকৈ সন্ধান পোৱা এই লোহাৰ ‎অক্সাইডৰ নিলামৰ পৰিকল্পনা কৰিছে আৰু পূৰ্বতে উল্লেখ কৰি অহাৰ দৰে সামৰিক শিবিৰ ‎স্থাপনৰ ইয়াৰেই অংশ।

ঐতিহাসিকভাবে ধুবুৰী জিলাখন কেতিয়াও বিদ্ৰোহৰ ঘাটি নাছিল। কিন্তু ইয়াত স্থায়ী সেনা ‎শিবিৰ স্থাপন কৰিবলৈ লোৱা কথাটোৰ পৰা অনুমান কৰিব পাৰি যে বিদ্ৰোহৰ লগত ‎সম্পৰ্ক নথকা তথা খনিজ সম্পদেৰে ভৰা ভৈয়ামৰ অঞ্চল সমূহতো এতিয়া পাহাৰীয়া ‎অঞ্চলসমূহৰ দৰে নতুন নতুন কাৰণ দেখুৱাই সেনা শিবিৰ স্থাপনৰ কৰিবলৈ লোৱা হৈছে। ‎পৰম্পৰাগতভাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ সৈতে জড়িত পাহাৰীয়া অঞ্চলসমূহৰ বাহিৰৰ অঞ্চল ‎সমূহতো এতিয়া সম্পদ নিয়ন্ত্ৰণৰ যুক্তিবোৰ স্পষ্টভাৱে সম্প্ৰসাৰিত হ’বলৈ ধৰিছে, ‎ভৌগোলিক আৰু ৰাজনৈতিক দুয়োটা দিশতে।

পূৰ্বৰে পৰা সংবেদনশীল আৰু উত্তেজনাপূৰ্ণ অঞ্চলসমূহত যদি এতিয়া বৃহৎ পৰিসৰৰ ‎উচ্ছেদ হয় তেন্তে এই অঞ্চলসমূহত সামাজিক অস্থিৰতাৰ সৃষ্টি হোৱাই নহয়, সশস্ত্ৰ ‎বিদ্ৰোহৰ পুনৰুত্থান তথা হিংসা-দ্বেষৰ উত্থান হ’ব পাৰে। যি পৰিস্থিতি অধিক অশান্ত কৰি ‎তুলিব। এনে অঞ্চল শান্ত কৰাৰ পৰিৱৰ্তে যদি তাত বলপূৰ্বক ভূ-সম্পদ নিষ্কাশনৰ হয় ‎তেতিয়া হিংসা, দমন আৰু বিদ্ৰোহৰ আন এক পাকচক্ৰ আৰম্ভ হ’ব, যিবোৰৰ পৰা হোৱা ‎ক্ষতিৰ সংসদীয় সমাধান কথা ভাবিবলৈ তেতিয়া আৰু হাতত সময় নাথাকিব।

পৃথিৱীৰ বহু ঠাইত ইতিমধ্যে এনে ঘটনা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, দক্ষিণ ‎আমেৰিকাৰ দেশ চিলিৰ আটাকামা মৰুভূমিত লিথিয়াম নিষ্কাষণৰ ফলত হোৱা ঘটনাবোৰৰ ‎কথা ক’ব পাৰি। আটাকামাত লিথিয়াম নিষ্কাশনৰ ফলত পানীৰ পৰিমাণ ৪০% পৰ্যন্ত হ্ৰাস ‎পাইছে, যাৰ ফলত আাটাকামাৰ পশুপালকসকল তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে। ‎একেদৰে, সৈন্যবাহিনীয়ে পহৰা দি ৰখা ফিলিপাইনৰ নিকেল খনিবোৰৰ ওচৰৰ স্থানীয় ‎লোকসকলক উচ্ছেদ কৰা হৈছে আৰু ভূমি সংগ্ৰামৰ সৈতে জড়িত শ শ লোকক হত্যা কৰা ‎হৈছে (গ্ল’বেল ৱিটনেছৰ প্ৰতিবেদন)। কংগোৰ কোবাল্ট বেল্টতো সামৰিক বাহিনীৰ ‎তত্বাৱধানত স্থানীয় ৰাইজক নিজৰ মাটিৰ পৰা বলপূৰ্বক ভাৱে উচ্ছেদ কৰা দেখা পোৱা ‎গৈছে, আনহাতে ইণ্ডোনেছিয়াৰ নিকেল দ্বীপপুঞ্জ সমূহত (ৱাৱ’নি অন্যতম) দেখা পোৱা গৈছে ‎কিদৰে মহিলা সকলৰ নেতৃত্বত বুলড’জাৰ আৰু সহস্ত্ৰ নিৰাপত্তাৰক্ষী সকলৰ বিৰুদ্ধে তীব্ৰ ‎আন্দোলন গঢ় লৈ উঠিছ।

বিশ্বৰ বিভিন্ন ঠাইৰ এই উদাহৰণবোৰে এটা কঠোৰ সত্য পোহৰলৈ আনিছে – যেতিয়া সম্পদ ‎আহৰণ সামৰিক শক্তিৰ সৈতে জড়িত হৈ থাকে, তেতিয়া আনকি সেউজ পৰিৱৰ্তনৰ নামতো ‎ই সদায় পৰিৱেশৰ ক্ষতি, মানুহক স্থানচ্যুত কৰাৰ লগতে অনাহূত সংঘাতৰ সৃষ্টি কৰে। ‎উত্তৰ-পূব ভাৰততো সম্পদ নিষ্কাষণৰ নামত যি আৰ্হি চলি আছে, সি বিশ্বব্যাপী চলি থকা ‎সেই একেটা আৰ্হিৰেই অনুসৰণ।

ভাৰতীয় ভূ-তাত্ত্বিক জৰীপ হাতপুথিৰ উল্লেখ থকা ব্লুপ্ৰিণ্টে কেৱল অৰ্থনৈতিক নীতিকেই ‎প্ৰতিনিধিত্ব নকৰে, ই অস্থিৰতা আৰু হিংসাৰ দিশত এক স্পষ্ট গতিপথকো প্ৰতিনিধিত্ব ‎কৰে, যিয়ে মাটিক পণ্য হিচাপে আৰু মানুহক ডিচপ’জেবল সামগ্ৰীৰ দৰে গণ্য কৰাৰ স্থায়ী ‎ঔপনিৱেশিক মনোভংগীকেই প্ৰতিফলিত কৰে। উত্তৰ-পূব ভাৰতত যদি এই পৰিকল্পনা বন্ধ ‎নহয়, তেন্তে উত্তৰ-পূবে ভাৰতেও অন্যান্য সীমান্ত অঞ্চলৰ দৰেই একেই পৰিস্থিতিৰ সন্মুখীন ‎হ’ব। য’ত পুৰণিকলীয়া সাম্ৰাজ্যবাদী শক্তিৰ দৰেই সম্পদ লুণ্ঠনৰ এক পথ তৈয়াৰ কৰিব।

অঞ্চলটোত “বহনক্ষম খনন”ৰ বিষয়ে হোৱা যিকোনো প্ৰকৃত আলোচনাই দুটা সত্যৰ সন্মুখীন ‎হ’ব লাগিব – পৰিৱেশৰ ক্ষতিৰ আশংকা আৰু প্ৰতিবাদ-বিদ্ৰোহ দমনৰ দীঘলীয়া ইতিহাস। ‎যিয়ে সম্পদ কেনেকৈ নিয়ন্ত্ৰণ আৰু আহৰণ কৰিব তাৰ আৰ্থ-ৰাজনৈতিক পন্থাও নিৰ্ণয় ‎কৰে। সেয়েহে অঞ্চলটোত “বহনক্ষম খনন” সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ আলোচনা কেৱল ‎পৰিৱেশিক ক্ষতি সমূহৰ মাজতে সীমিত নাৰাখি, নিষ্কাশনৰ বাবে উপযুক্ত ৰাজনৈতিক অথবা ‎অৰ্থনৈতিক পটভূমি কেনেকৈ গঢ় লৈ উঠে সেই কথাও বিবেচনা কৰিব লাগিব। কিয়নো এই ‎অঞ্চলটোত দমন, বিদ্ৰোহ, নিপীড়নৰ যি দীঘলীয়া ইতিহাস সেইবোৰ আমি পাহৰি পেলাব ‎নোৱাৰো।

ভাৰতীয় ভূ-তাত্ত্বিক জৰীপৰ হাতপুথিখনত ধাৰণা দিয়া শাসনৰ আৰ্হিটো ভাঙি পেলাবই ‎লাগিব আৰু উত্তৰ-পূবৰ বাবে এক ন্যায্য পৰিৱৰ্তন আৰম্ভ হ’ব লাগিব। প্ৰথমে সন্মতি লৈহে ‎খনন কাম আগবাঢ়িব লাগে। সম্পদ আহৰণৰ পূৰ্বে সন্মতি অনিবাৰ্য হ’ব লাগিব। স্থানীয় ‎ভাষাত ৰাজহুৱা সভা আয়োজন কৰি গ্ৰাম্য পৰিষদ, দৰবাৰ আৰু গাওঁ সভাবোৰে যিকোনো ‎খনন প্ৰস্তাৱৰ বিষয়ে ভেটো বা অনুমোদন প্ৰদান কৰিব পৰা ক্ষমতা বাধ্যতামূলক কৰিব ‎লাগিব। স্থানীয় ৰাইজক সিদ্ধান্ত প্ৰক্ৰিয়া সমূহৰ পৰা যদি আঁতৰাই ৰখা হয় তেনে এই ‎ঔপনিৱেশিক লুণ্ঠন ব্যৱস্থা সদায় চলি থাকিব।

দ্বিতীয়তে, সাংবিধানিক নীতি আৰু জনজাতীয় সমূহৰ জীৱনশৈলী আৰু সংস্কৃতিৰ সুৰক্ষাক ‎কেৱল সৰু সৰু বাধা হিচাপে নহয়, শিলৰ ৰেখা হিচাপে গণ্য কৰিব লাগিব, যাতে আমোলা ‎সকলৰ সুবিধাৰ্থে সেইবোৰ সাল সলনি কৰিব পৰা নাযায়। সংবিধানৰ ষষ্ঠ অনুসূচী, বন ‎অধিকাৰ আইন আৰু অনুচ্ছেদ ৩৭১ –এ থলুৱা ৰাইজক ৰাজহুৱা সম্পদৰ উত্তৰাধিকাৰ আৰু ‎পৰিৱেশ-পাৰিপাৰ্শ্ব্যৰ সংৰক্ষক হিচাপে স্বীকৃতি দিয়ে। এনে সুৰক্ষা ব্যৱস্থাসমূহ যদি বৰ্তমানে ‎কাৰ্যকৰী হোৱা নাই অথবা কোনো ঠাইত উপেক্ষিত হৈ আছে, তেন্তে এক ন্যায্য পৰিৱৰ্তনৰ ‎বাবে, এই ব্যৱস্থাসমূহ বলবৎ নোহোৱালৈকে তাত নিষ্কাশন প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগিব।

তৃতীয়তে, মূল্যবান দুৰ্লভ খনিজ পদাৰ্থসমূহক কেৱল নিলামৰ সামগ্ৰী হিচাপে গণ্য নকৰি, ‎সেইবোৰ ৰাজহুৱা সম্পদ হিচাপে গণ্য কৰিব লাগিব। যদি কাৰ্বি আংলঙৰ ভূ-গৰ্ভত থকা ‎বিৰল পাৰ্থিৱ তত্ত্ব (REE) সমূহ ভৱিষ্যতৰ জলবায়ুৰ সুৰক্ষাৰ বাবে অপৰিহাৰ্য হয়, তেন্তে ‎সেইবোৰৰ স্বত্বাধিকাৰী কোনো বহিৰাগত বণিক নহয়, সেইবোৰৰ স্বত্বাধিকাৰী হ’ব লাগিব ‎পাহাৰত বাস কৰা লোকসকল। বহিৰাগত বণিকে নহয়, কোনো ঠাইত আহৰণ কৰিবলৈ ‎লোৱা সম্পদৰ পৰিমাণ, প্ৰযুক্তি, ৰাজহৰ অংশ আৰু পৰিৱেশ-প্ৰকৃতিৰ অনিষ্ট নোহোৱাকৈ ‎নিষ্কাশনৰ সীমা, সমজুৱা ভিত্তিত গঠন কৰা ট্ৰাষ্ট অথবা সমবায়সমূহে নিৰ্ধাৰণ কৰিব লাগিব।

চতুৰ্থতে, পাৰিপাৰ্শ্বিক সীমাসমূহৰ লগত কোনো কাৰণত আপোচ কৰিব নোৱাৰি। জলাশয়-‎অৰণ্য সমূহত, হাতীৰ কৰিডৰ সমূহত, ভূমিকম্পপ্ৰৱণ অঞ্চল আদিত নিষ্কাষণ স্থায়ীভাবে ‎নিষিদ্ধ কৰিব লাগিব। লগতে, অনুষ্ঠান প্ৰতিষ্ঠান বোৰে দায়িত্ব স্বীকাৰ কৰিব পাৰিব লাগিব। ‎স্বতন্ত্ৰ নিৰীক্ষণ, পৰিৱেশ-প্ৰকৃতিৰ অনিষ্ট সাধন কৰিলে অপৰাধমূলক শাস্তি, পূৰ্বপুৰুষৰ ‎সম্পদৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ আৰু পৰিত্যক্ত খাদ সমূহৰ বাবে উচিত জৰিমনাৰ দফা ‎খননৰ প্ৰতিখন অনুজ্ঞাপত্ৰত সন্নিৱিষ্ট হ’ব লাগে। ৰাজহুৱা অধিকাৰ নথকা জনজাতীয় ভূমিত ‎ব্যক্তিগত খনন নিষিদ্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক (১৯৯৭) অমান্য কৰিব ‎নোৱাৰা সাংবিধানিক নিৰ্দেশ হিচাপে গ্ৰহণ কৰিব লাগিব।

এনেধৰণৰ কিছু পদক্ষেপ আৰু জনমুখী সিদ্ধান্ত ল’ব নোৱাৰিলে ন্যায্য পৰিৱৰ্তন সম্ভৱ ‎নহ’ব। অন্যথা সেই পুৰণিকলীয়া ঔপনিৱেশিক লুন্ঠনৰ পৰম্পৰাই চলি থাকিব। জলবায়ু ‎পৰিৱৰ্তনৰ বোজা উত্তৰ-পূবৰ মাটি, পানী, অৰণ্যৰ ওপৰত জাপি দি তাৰ মুনাফা লাভ কৰে ‎দূৰৱৰ্তী মহানগৰসমূহে। ‎

‎“ভূমিৰ মূল্য তাৰ গৰ্ভত থকা খনিজ পদাৰ্থতকৈ বেছি আৰু মানুহৰ জীৱনৰ মূল্য মানুহে ‎কৰিব পৰা শ্ৰমতকৈ বেছি।” – এই ঘোষণাৰেই হাতপুথিখন শেষ হয় আৰু আৰম্ভ হয় ‎এক পৰিৱৰ্তনমুখী যাত্ৰাৰ ।

GSI’s Handbook on Northeast India Masks Extraction Behind Technicalities

‎মূল লেখাটোৰ ডিজিটেল ঠিকনা : https://thewire.in/rights/gsis-handbook-on-northeast-india-masks-extraction-behind-technicalities

বনজিৎ হুছেইন

বনজিৎ হুছেইন

Bonojit Hussain is a full-time farmer and a part-time researcher based in Baridatara village, Nalbari district, Assam.

Stay Connected

  • 117k Fans

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

ওমৰ খালিদ, শ্বাৰ্জিল ইমামৰ জামিন আবেদন নাকচৰ পিছতেই ক্ষোভ অভিনেতা প্ৰকাশ ৰাজৰ

September 2, 2025 10:28 pm
বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

September 2, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd