কৰ্মৰ চাপত নয়ডাত আত্মহত্যা GST বিষয়াৰ !আৰু পত্নীয়েও সেইটোৱেই দাবী কৰিছিল। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ স্বামী চৰকাৰী ব্যৱস্থাৰ বলি হৈছিল। ৫৯ বছৰীয়া সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত জিএছ টিবিভাগত উপায়ুক্ত হিচাপে কৰ্মৰত আছিল। সোমবাৰে নয়ডাৰ ১৫ নং মহলাৰ ফ্লেটৰ পৰা জপিয়াই তেওঁ আত্মহত্যা কৰে। ঘটনাৰ পাছতে আৰক্ষীয়ে পৰিয়ালটোৰ সৈতে কথা পতা বুলি জানিবলৈ দিয়ে। সঞ্জয় বিগত পাঁচ বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ লোকে তেওঁলোকক ক’লে যে তেওঁ সম্ভৱতঃ কেন্সাৰৰ বাবেই এই সিদ্ধান্ত লৈছে। অৱশ্যে মৃত জিএছটি বিষয়াৰ পত্নীয়ে ব্যৱস্থাৰ বলি হোৱাৰ কথাহে কয়।
সোমবাৰে পুৱা প্ৰায় ১১ বজাত নয়ডাৰ ৭৫ নং ছেক্টৰত থকা বাসগৃহৰ পৰা জপিয়াই সঞ্জয়ে আত্মহত্যা কৰে। পৰিয়ালত তেওঁৰ পত্নী আৰু দুটা সন্তান এৰি থৈ যায়। ডাঙৰ পুত্ৰই গুৰুগ্ৰামত কাম কৰে। সৰু ল’ৰাটো দন্ত চিকিৎসাৰ ছাত্ৰ। স্বামীক হেৰুৱাই মহিলাগৰাকীয়ে দাবী কৰে যে সঞ্জয় ‘অন্যায়ৰ বলি’ হৈ পৰিছে। মহিলাগৰাকীয়ে স্বামীৰ কৰ্কট ৰোগক লৈ ভুৱা তথ্য প্ৰচাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে। সোমবাৰে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি সঞ্জয়ৰ কৰ্কট ৰোগে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। তেওঁৰ পত্নীয়ে সেই তথ্য অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে সঞ্জয়ৰ কৰ্কট ৰোগ একেবাৰেই চূড়ান্ত পৰ্যায় পোৱা নাই। জি এছ টি বিষয়াগৰাকীৰ পত্নীয়ে কয় যে এই সকলো তথ্য বিয়পাই আমি সকলোকে নীৰৱ কৰি ৰাখিব নোৱাৰো। মোৰ স্বামী ষ্টেজ ফোৰ কেন্সাৰ ৰোগী নাছিল। মোৰ হাতত প্ৰমাণ আছে।
এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি সঞ্জয়ে গাজিয়াবাদৰ ৰাজেন্দ্ৰনগৰত থকা জিএছটি কাৰ্যালয়ত কৰ্মৰত আছিল। উচ্চতম ন্যায়ালয়ত বিভিন্ন গোচৰ চম্ভালিবলৈ তেওঁৰ দায়িত্ব আছিল। সঞ্জয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কৰ বিষয়াৰ সংগঠন উত্তৰ প্ৰদেশ ৰাজ্যিক কৰ বিষয়া সেৱা সন্থাই। কাৰ্যালয়ত কামৰ বোজাৰ বিৰুদ্ধে মাত মাতিছে সংগঠনটোৱে। এক বিবৃতিত তেওঁলোকে অভিযোগ কৰে যে কৰ্মচাৰীসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বন্ধৰ দিনতো কাম কৰিবলৈ কোৱা হয়। আনকি কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকিও দিয়া বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।