হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা গৌতম আদানীৰ বিপৰ্যয়ে লগ নেৰাই হৈছে। যোৱা এনাহ ধৰি আদানী গ্ৰুপৰ শ্বেয়াৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আছে। ইয়াৰ মাজতে আদানীয়ে সহ্য কৰিবলগীয়া হৈছে কে’বাটাও মোক্ষম আঘাত। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ২৫ গৰাকী পৰাও বাহিৰ হৈছে আদানী।
আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিপৰ্টে ২৪ জানুৱাৰীত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদন চৰ্চালৈ অহাৰ পিছতে আদানী গ্ৰুপেৰ ব্যৱসায়িক সাম্ৰাজ্যত জোকাৰণি আহে। এটা এটাকৈ গোটৰ সকলো কোম্পানীৰে শ্বেয়াৰ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে।
বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা গৌতম আদানীয়ে এতিয়া ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ২৯ নম্বৰ স্থানত অৱস্থান কৰিছে। বৰ্তমান গৌতম আদানীৰ মুঠ সম্পত্তি পৰিমাণ হৈছে মাত্ৰ ৪২.৭ বিলিয়ন ডলাৰ।
এই বিপৰ্যয়ৰ মাজতে উত্তৰ প্ৰদেশত বিদ্যুৎ মিটাৰৰ সৈতে জড়িত আদানীৰ চুক্তি বাতিল হৈছে। ইয়াৰ পিছত ডি বি পাৱাৰ-পিটিচি ইণ্ডিয়াৰ সৈতে হোৱা চুক্তিখনো বাতিল হয়। এতিয়া অৰিয়েণ্ট চিমেণ্টেও আদানীৰ গ্ৰুপৰ সৈতে থকা চুক্তি বাতিল কৰিছে।
এক প্ৰতিবেদন অনুসৰি চি কে বিৰলা গ্ৰুপৰ কোম্পানী অৰিয়েণ্ট চিমেণ্টে আদানী পাৱাৰ মহাৰাষ্ট্ৰৰ সৈতে হোৱা চুক্তি বাতিল কৰিছে। কোৱা হৈছে যে আদানী গ্ৰুপে এই চুক্তিৰ বাবে প্ৰয়োজনীয় ক্লিয়াৰেন্স লাভ কৰাত ব্যৰ্থ হৈছে।
আদানী গোট সন্দৰ্ভত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে এই সন্দৰ্ভত কেন্দ্ৰত মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। কংগ্ৰেছে এই সন্দৰ্ভত জেপিচিৰ তদন্তৰ দাবী জনাইছে। অৱশ্যে বিৰোধীৰ এই দাবী এতিয়াও চৰকাৰে উপেক্ষা কৰি চলিছে।