ধুবুৰীত গ্ৰেপ্তাৰ গুজৰাটৰ পৰা অহা ভুৱা সোণ সৰবৰাহকাৰী : জব্দ নকল সোণ আৰু নগদ ধন
ধুবুৰী আৰক্ষীয়ে দেওবাৰে হালাকুৰা বজাৰৰ পৰা ১.৫ কিলোগ্ৰাম নকল সোণ সৰবৰাহৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰা হয়।
গুজৰাটৰ আনন্দ জিলাৰ ৰ’মাল সিঙ আৰু মনোজ কুমাৰ জয়ছোৱাল নামৰ দুজন লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি এই যুটিটোৱে নকল সোণ সৰবৰাহৰ কৰি ৰাজস্থানলৈ যাবলৈ ওলাইছিল। কিন্তু হালাকুৰা বজাৰত নকল সোণ বিক্ৰী সম্পৰ্কীয় বিবাদৰ সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে দ্ৰুতগতিত অভিযান চলাই অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা নগদ ডেৰ লাখ টকা জব্দ কৰে।
বৰ্তমান দুয়োজন ব্যক্তি গোলকগঞ্জ থানাত আৰক্ষীৰ জিম্মাত আছে।
ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।