গুজৰাটত স্থাপিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমুৰ্তি উন্মোচন অনুষ্ঠানত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অসমবাসীক আমন্ত্ৰণ জনাবৰ বাবে আহিছে গুজৰাটৰ কৃষি ও গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আৰ চি ফাল্ডো। বল্লভ ভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমুৰ্তি উদ্বোধন হ’ব অহা ৩১ অক্টোবৰত।
বিশ্বৰ ভিতৰত ওখ এই প্ৰতিমূৰ্তিটো দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব। গুৱাহাটীৰ আৱৰ্ত্ত ভৱনত সংবাদ মাধ্যমৰ আগত গুজৰাটৰ মন্ত্ৰী আৰ চি ফাল্ডুৱে এই কথা জানিবলৈ দিয়ে।
‘’২০১৩ চনতে আৰম্ভ কৰা হৈছিল প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম। প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে, সেইটো হ’ ল সমগ্ৰ বিশ্ববাসীৰ ওচৰত চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ,‘’-এইদৰে সদৰী কৰে গুজৰাটৰ মন্ত্ৰী ফাল্ডোৱে।
ইতিমধ্যে গুজৰাটৰ মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাইছে।
উল্লেখ্য যে, বিশ্বৰ ভিতৰত ওখ প্ৰতিমূৰ্তি হিচাপে প্ৰতিষ্ঠা হোৱা এই প্ৰতিমূৰ্তিটো নিৰ্মাণত সম্পূৰ্ণ ব্যয় হৈছে ২৩৩২ কোটি টকা আৰু ই ১৯৭৩১ বৰ্গ মিটাৰ ভূমি আগুৰি আছে। প্ৰতিমূৰ্তিটো নৰ্মদা নদীৰ পাৰত স্থাপন কৰা হৈছে।
ফাল্ডোৱে আশা ব্যক্ত কৰে যে বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা তথা ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিব। তেওঁ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে গুজৰাট আৰু কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ লৈছে বুলি জানিব দিয়ে।
চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, “চৰ্দাৰ বল্লভভাই পেটেলে দেশক ব্ৰিটিছৰ হাতৰ পৰা উদ্ধাৰ কৰাত যথেষ্ঠ সংগ্ৰাম কৰিছিল। তদুপৰি, দেশৰ স্বাধীনতাৰ পাছতো খণ্ড খণ্ড হৈ থকা ভাৰতক একত্ৰিত কৰাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। অবিভাজ্য ৰাজ্য বনোৱাতো তেখেতৰ অৰিহনা আছে।”
আনহাতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ৰাষ্ট্ৰভক্তি প্ৰদৰ্শন কৰিবৰ বাবে ২০১৩ চনতে নৰেন্দ্ৰ মোডীয়ে এই পৰিকল্পনা হাতত লৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।
গুজৰাটত জন্মগ্ৰহণ কৰিছিল যদিও বল্লভভাই পেটেল সমগ্ৰ ভাৰতৰ সন্তান বুলি উল্লেখ কৰি তেওঁ লগতে কয়,” গতিকে দেশৰ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক নিমন্ত্ৰণ কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলো উক্ত অনুষ্ঠানত উপস্থিত থাকিব।