মহানগৰীত বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

মহানগৰীত বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত গুৱাহাটী ছাত্ৰ সন্থাই আজি গুৱাহাটী ক্লাবৰ ৰটাৰী পইন্টত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

হাতে হাতে প্লে’ কাৰ্ড লৈ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক কৰ্মীয়ে অসম চৰকাৰ হায় হায়, গুৱাহাটী উন্নয়ন বিভাগ হায় হায় আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

গুৱাহাটীত পানী যোগান বিভাগ অচল হৈ যোৱা বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য সীমান্ত ঠাকুৰীয়াই কয়, ‘যিবিলাক বিভাগ অচল হৈ গৈছে, সেই বিভাগ থাকি কি লাভ আছে। চৰকাৰে কি ব্যৱস্থা লয়, কি কৰে আমি জানিব লগা নাই কিন্তু আমাৰ স্পষ্ট কথা ৰাইজে পাব লাগিব বিশুদ্ধ খোৱা পানী’।

বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনে উন্নয়নৰ প্ৰতিটো দিশতে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে সীমান্ত ঠাকুৰীয়াই।

আনহাতে আন এগৰাকী কাৰ্যনিৰ্বাহক সদস্য তপন কলিতাই কয়, ‍‘গুৱাহাটী মহানগৰৰ জনসাধাৰণে বিশুদ্ধ খোৱা পানীৰ বাবে ৰাজপথত আন্দোলন কৰিব লগীয়া হৈছে। গুৱাহাটীৰ কাষেৰে বিশাল ব্ৰহ্মপুত্ৰৰ পানী বৈ যোৱা সত্বেও জনসাধাৰণক খোৱা পানী যোগান ধৰিব পৰা নাই’।

আগন্তুক সময়ত এই সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে যদি চৰকাৰে সমস্যা সমূহ সমাধান নকৰে তেন্তে অনাগত সময়ত প্ৰতিবাদ কৰি যাব বুলি জনায় নেতৃবৃন্দই।