মহিলা আৰু জ্যেষ্ঠসকলৰ সুবিধাৰ্থে আজিৰ পৰা মহানগৰীত চলিল ‘গুলপীয়া বাছ’

গুৱাহাটী চহৰৰ ভিতৰত মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলক বিনামূলীয়া পৰিবহন সেৱা প্ৰদানৰ লক্ষ্যৰে শনিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৫ খন ‘গোলাপী বাছ’ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

‘ভ্ৰমণ সাৰথি’ আঁচনিৰ অধীনত আৰম্ভ কৰা ‘গুলপীয়া বাছ’, হৈছে অসম ৰাজ্য পৰিবহন নিগমে আৰম্ভ কৰা মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক বিনামূলীয়া তথা উৎসৰ্গিত বাছ সেৱা।

মুখ্য মন্ত্ৰী সোণোৱালে সকলো যাত্ৰীকে বাছৰ যত্ন লোৱাৰ বাবে আহ্বান জনাই কয়, ‘অসম পৰিবহন নিগমৰ বাছ সেৱাই নতুন বছৰত ৰাজ্য চৰকাৰৰ কল্যাণমূলক ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব’।

নতুন বাছ সেৱাই পল্টন বজাৰ হৈ খানাপাৰা-জালুকবাৰী, চান্দমাৰী পথেৰে ফৰেষ্ট গেট-জালুকবাৰী, বশিষ্ঠ মন্দিৰৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰী,  ৰাষ্ট্ৰীয় ঘাইপথৰ আই এছ বি টি হৈ খানাপাৰা-জালুকবাৰী আৰু গেম ভিলেজ/ ভেটাপাৰাৰ পৰা পল্টন বজাৰ হৈ জালুকবাৰীলৈ চলিব।

মহামাৰীৰ সময়ত আগবঢ়োৱা এনে উৎসৰ্গিত সেৱাৰ বাবে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অসম পৰিবহন নিগমৰ সকলো কৰ্মচাৰীকে প্ৰশংসা কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

এই অনুষ্ঠানত উপস্থিত থাকি পৰিবহন মন্ত্ৰী পাটোৱাৰীয়ে কয় যে পৰিবহন বিভাগে মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ ভ্ৰমণ সুৰক্ষিত কৰাৰ বাবে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই বাছ সেৱা আৰম্ভ কৰা হৈছে।