গুৱাহাটীত ২৪ ঘণ্টাই খোৱা পানী, সাজু জল ব’ৰ্ড

Water-Supply-in guwahati750x536

প্ৰতীকী ছবি।

গুৱাহাটী মহানগৰবাসীলৈ স্বস্তিৰ বাৰ্তা কঢ়িয়াই শীঘ্ৰেই বাস্তৱত ৰূপায়িত হোৱাৰ পথত বছৰ বছৰ ধৰি কেৱল পিছুৱাই থকা ২৪ ঘণ্টাই খোৱাপানী যোগানৰ অভিলাষী আঁচনি।

নতুন বছৰৰ প্ৰথম ভাগতে পানী যোগানৰ কাম আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অভিযন্তাৰ ১২টা আৰু প্ৰশাসনিক ৯টা পদৰ বাবে নিযুক্তি মুকলি কৰিছে গুৱাহাটী জল যোগান আৰু মল নিষ্কাষণ ব’ৰ্দে।

অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰিবলৈ লোৱা এই পানী যোগান আঁচনিৰ বাবে অহা ৫ জানুৱাৰিৰ ভিতৰতে আবেদন পত্ৰ গ্ৰহণ কৰি তৎকালে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব খুজিছে ব’ৰ্দে।

মুকলি হোৱা পদসমূহত আবেদন কৰিবলৈ ক্লিক কৰক।

প্ৰকল্পসমূহৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনা আৰু তদাৰকীৰ বাবে সাজু হৈ উঠা জল ব’ৰ্দৰ অধীনত প্ৰকল্পকেইটাৰ পানী যোগানৰ কামত নিয়োজিত হ’ব এইসকল অভিযন্তা আৰু প্ৰশাসনিক ব্যক্তি।

মহানগৰখনত নিৰ্মীয়মান ৪ওটা প্ৰকল্পৰে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে পানী যোগান আৰু মল নিষ্কাষণৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ ভাৰ ন্যস্ত হ’ব জল ব’ৰ্দৰ হাতত।

দক্ষিণ পশ্চিম গুৱাহাটীত পানী যোগানৰ বাবে JnNURMৰ অধীনত পাণ্ডুৰ সদিলাপুৰত এটা, Jicaৰ অধীনত দক্ষিণ মধ্য গুৱাহাটী আৰু উত্তৰ গুৱাহাটীত দুটা আৰু এছিয়ান ডিভেলপমেণ্ট বেংকৰ অধীনত দক্ষিণ পূব গুৱাহাটীত পানী যোগানৰ বাবে নুনমাটিত এটা প্ৰকল্পৰ নিৰ্মাণ চলি আছে। এই আটাইকেইটা প্ৰকল্পৰে তদাৰকী কৰি আছে গুৱাহাটী মেত্ৰ’পলিতান দিভেলপমেন্ত অথৰিটি (GMDA)এ।

দৈনিক মুঠ ৪৩৩ এম এল পৰিমাণৰ পানী শোধনৰ ক্ষমতাসম্পন্ন এই প্ৰকল্পকেইটা সম্পূৰ্ণ হ’লে গুৱাহাটীত খোৱা পানীৰ সংকটৰ মীমাংসা হ’ব বুলি দাবী কৰি আহিছে ৰূপায়ণকাৰী সংস্থাসমূহে।

গুৱাহাটী পৌৰ নিগম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পৰিচালিত ৭টা আৰু জল ব’ৰ্দৰ অধীনত পৰিচালিত ১টা ধৰি বৰ্তমান গুৱাহাটীত চলি থকা আওপুৰণি প্ৰকল্পকেইটাই মহানগৰখনৰ প্ৰায় ৩০ শতাংশ লোকৰহে জল প্ৰয়োজন দূৰ কৰে।