ৰাজধানী গুৱাহাটীতে ব্যৰ্থ আৰক্ষী; ‘১৮ত নিষ্পত্তি মাত্ৰ ৫০ শতাংশ গোচৰ

যোৱা বছৰ অৰ্থ্যাৎ ২০১৮ চনত গুৱাহাটী সৰ্বাধিক অপৰাধৰ ঘটনা সংঘটিত হৈছে। ২০১৮ চনৰ নৱেম্বৰলৈ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত থকা ১৯ খন আৰক্ষী থানাত মুঠ ১৬৮৯২ টা চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ আদি বিভিন্নধৰণৰ অপৰাধৰ গোচৰ ৰুজু হৈছে।

ইয়াৰে মাত্ৰ ৮১৩৮ টা গোচৰহে যোৱা বছৰ অক্তোবৰলৈ নিস্পত্তি হৈছে। নিস্পত্তি হোৱা গোচৰবোৰৰ ভিতৰত ২০১৭ বৰ্ষৰ গোচৰো আছে।

তথ্য জনা অধিকাৰ আইনৰ তথ্য মতে, গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ আৰক্ষী থানাসমূহে ২০১৭ত ৩৫৮৬ টা  গোচৰৰ অভিযোগ নামা দাখিল কৰাৰ বিপৰীতে ২০১৮ত মাত্ৰ  ২৯২৩ টা গোচৰৰ অভিযোগ নামা দাখিল কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীৰ  অপৰাধ  ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে  তিনি বছৰ পূৰ্বে গুৱাহাটী আৰক্ষী আয়ুক্তালয় গঠন কৰিছিল। গুৱাহাটী আৰক্ষী আয়ুক্তালয় গঠন কৰি গুৱাহাটীক কেন্দ্ৰীয় গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী তিনিখন আৰক্ষী জিলাত ভাগ কৰি অপৰাধ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।

কিন্তু গুৱাহাটীৰ অপৰাধ ৰোধ হোৱা দূৰৈৰ কথা বৰং গুৱাহাটীত অপৰাধ বৃদ্ধিহে হৈছে। চৰকাৰে যি উদ্দেশ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তালয়  গঠন কৰিছিল পৰৱৰ্তী সময়ত সেই উদ্দেশ্য কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে। আৰক্ষী আৰু আৰক্ষী থানাৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ আদি বিভিন্নধৰণৰ অপৰাধৰ ঘটনা বৃদ্ধি পাই আহিছে। বিশেষকৈ গুৱাহাটীত চুৰিৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পাইছে।

তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য মতে, ২০১৬ চনত গুৱাহাটীৰ আৰক্ষী থানাসমূহত ১৩,৭৫৭ টা চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ আদি বিভিন্নধৰণৰ অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে  ২০১৭ চনত  ১৬০৩৮ টা চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ আদি বিভিন্নধৰণৰ অপৰাধৰ গোচৰ ৰুজু হৈছে।

তথ্য মতে, গুৱাহাটী চুৰিৰ ঘটনা বৃদ্ধি  প্ৰতিবছৰে বৃদ্ধি পাই আছে। গুৱাহাটীত ২০১৬ চনত ৩৯৮০ টা চুৰিৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৭ত ৪৭০৫ টা চুৰিৰ ঘটনা সংঘটিত হৈছে। আকৌ ২০১৮ৰ নৱেম্বৰলৈ গুৱাহাটী ৪৭৬৪ টা চুৰিৰ ঘটনা সংঘটিত হৈছে। চুৰিৰ ঘটনাৰ দৰে গুৱাহাটীত সমান্তৰালভাৱে মহিলা নিৰ্যাতন, ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই আহিছে।

তথ্য মতে, গুৱাহাটীত ২০১৬ত ৭২ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১৭ত ৭৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। আকৌ ২০১৮ৰ নৱেম্বৰলৈ ৬১ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটীত ২০১৮ চনৰ  জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ৯১ টা  হত্যাৰ  ঘটনা সংঘটিত  হৈছে।  গুৱাহাটীৰ আৰক্ষী থনাসমূহৰ ভিতৰত জালুকবাৰী আৰক্ষী থানাত  যোৱা বছৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ সৰ্বাধিক ১২ টা হত্যাৰ  ঘটনা সংঘটিত হৈছে।

গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত থকা ১৯ খন আৰক্ষী থানাৰ ভিতৰত দিছপুৰ আৰক্ষী থানাত যোৱা বছৰ সৰ্বাধিক গোচৰ পঞ্জীয়ন হৈছে। দিছপুৰ আৰক্ষী থানাত যোৱা বছৰ  ১ জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰলৈ মুঠ ৩৬৩৮ টা গোচৰ ৰুজু হৈছে। অৰ্থ্যাৎ যোৱা বছৰ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনৰ ১৯ খন আৰক্ষী থানাত পঞ্জীয়ন হোৱা মুঠ গোচৰৰ ২২  শতাংশ গোচৰ দিছপুৰ আৰক্ষী থানাৰ। জালুকবাৰী আৰক্ষী থানাত ১৬৪৭ টা গোচৰ, বশিষ্ঠ আৰক্ষী থানাত ১৬০৮  টা গোচৰ, পল্টনবাজাৰ আৰক্ষী থানাত  ১২১০ টা গোচৰ আৰু চানমাৰী আৰক্ষী থানাত ১১১৬ টা  গোচৰ  পঞ্জীয়ন হৈছে।