• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰম্ভ হোৱাৰ দুদিনতেই বিকল গুৱাহাটী ৰ’পৱে : বন্ধ ৰখা হ’ল যাতায়াত, বিমুখ হৈ উভতিল যাত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 26, 2020 3:13 pm
485
VIEWS
Share on FacebookShare on Twitter

আৰম্ভ হোৱাৰ দুদিন পাছতেই কাৰিকৰী বিজুতি ঘটিছে গুৱাহাটীৰ ৰ’পৱেৰ ইঞ্জিনত।

বুধবাৰৰ দিনটোত পুৱাৰে পৰা বন্ধ ৰখা হ’ল ৰ’পৱেৰ চলাচল।

ইঞ্জিনৰ কিছু বিজুতি হোৱাৰ বাবে বিদ্যুতৰ যোগানত ব্যাঘাত জন্মিছে বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে মেৰামতিৰ কাম চলি আছে যদিও বৰ্তমানো কাৰ্যক্ষম হৈ উঠা নাই ৰ’পৱে সেৱা।

উল্লেখযোগ্য ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছিল এই ৰ’পৱে সেৱা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই ৰ’পৱে সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিছিল।

গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হৈছিল যদিও এতিয়া পুনৰ উদাস মনৰে উভটিবলগীয়া হৈছে যাত্ৰীসকল।

ইপিনে, সংবাদ মাধ্যমৰ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ৰ’পৱে কতৃপক্ষই।

‘আমাৰ চাকৰিৰ কথা আছে। আমি আপোনালোকক চৌহদৰ ভিতৰত সোমাবলৈ দিব নোৱাৰিম। অথৰিটিয়ে ভিতৰত কাকো সোমাব নিদিবলৈ কৈছে। ৰাতিপুৱাৰে পৰা চলা দেখা নাই ৰ’পৱেটো। নাজানো বেয়া হৈছে নে কি হৈছে?’ এইদৰে কয় প্ৰবেশদ্বাৰত থকা নিৰাপত্তাৰক্ষীয়ে।

ইমানখিনি উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰিও আৰম্ভ হোৱাৰ দুদিন পাছতে এনেদৰে চলাচলত বাধা অহা প্ৰসংগটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে, ২০০৯ চনত তৰুণ গগৈৰ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰাৰ সুদীৰ্ঘ ১১ বছৰৰ পাছত সোমবাৰৰ  পৰা ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই ৰ’পৱে সেৱা।

১৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৱেই হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নদীৰ ওপৰত থকা দেশৰ দীৰ্ঘতম ৰ’পৱে।

উল্লেখ্য, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো লকডাউনৰ বাবে ৰ’পৱেটো মুকলি কৰিব পৰা হোৱা নাছিল।

এই ৰ’পৱেৰে এবাৰত ৩২ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে।

ৰ’পৱেৰে কেৱল এবাৰ যাত্ৰা কৰাৰ বাবদ প্ৰতি গৰাকী যাত্ৰীৰ পৰা ৬০ টকাকৈ ভাড়া লোৱা হয় আৰু একোজন যাত্ৰীয়ে অহা-যোৱাৰ বাবদ সমুদায় ১০০ টকা ভৰিব লাগে।

Recent News

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd