গুৱাহাটীত অনুষ্ঠিত হ’ব ১৭ বছৰ অনূৰ্দ্ধ মহিলা ফিফা বিশ্বকাপৰ খেল

fifa-women-1140x570

ফিফা মহিলা বিশ্বকাপ

ভাৰতত ২০২০ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনূৰ্দ্ধ মহিলা ফিফা বিশ্বকাপৰ এখন ভ্যেনু হিচাপে গুৱাহাটীৰ স্থান নিশ্চিত হৈছে।

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত বিভাগীয় বৈঠকত দেশৰ অন্য চাৰিখন ভ্যেনুৰ লগতে গুৱাহাটীও এই প্ৰতিযোগিতাখনৰ বাবে বিবেচিত হৈছে বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

প্ৰতিযোগিতাখনৰ ভেন্যু ঘোষণা কৰাৰ পাছত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰ যোগে এই খবৰ ৰাজহুৱা কৰে।

গুৱাহাটীৰ উপৰিও অন্য ভ্যেনু চাৰিখন হৈছে ক্ৰমে আহমেদাবাদ, ভূৱনেশ্বৰ, ক’লকাতা আৰু নভি মুম্বাই।

ফিফা ১৭ বছৰ অনূৰ্দ্ধ মহিলা বিশ্বকাপত মুঠ ১৬ টা দলে ৩২ খন খেলত অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখন অনুষ্ঠিত হ’বলগীয়া ভ্যেনু ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলগীয়া পাঁচখন ভ্যেনুক শুভেচ্ছা জ্ঞাপন কৰে।

‘‘ভাৰতে অন্য এখন ফিফা প্ৰতিযোগিতা আয়োজনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়ত মই সমগ্ৰ দেশৰ পৰা প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সমৰ্থন বিচাৰিছো,’’ ৰিজিজুই লগতে কয়।

আনহাতে, ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ভাৰতৰ অনূৰ্দ্ধ ১৭ বছৰ মহিলা ফুটবল দলটোৱে প্ৰথমবাৰৰ বাবে ফিফা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলিও কয়।

বৈঠকত প্ৰতিযোগিতাখনৰ বাবে ‘কিক অব দ্যা ড্ৰীম’ শীৰ্ষক শ্লোগানো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ভাৰতত অনূৰ্দ্ধ ১৭ বছৰ ফিফা পুৰুষ বিশ্বকাপ সফলভাৱে অনুষ্ঠিত হৈছিল।