দিচপুৰত বিক্ষোভ : কোনো কাৰণতে সহ্য নকৰে আৰক্ষী প্ৰশাসনে

নগাঁৱৰ উৰীয়াগাঁৱৰ পৰা আজি পুনৰ ৭০ টা সংগঠনৰ সংকল্প যাত্ৰা আৰম্ভ হৈছে। আৰু কাইলৈ গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। প্ৰতিবাদকাৰী সকলে হাতত অস্ত্ৰ লৈ হ’লেও এই বিধেয়ক প্ৰতিহত কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে।

আনহাতে কাইলৈ ৭০ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী। আৰু কাইলৈ ৭০ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰিছে।  এই কথা আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই জানিবলৈ দিয়ে।

লগতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰতিবাদকাৰীক কঠোৰ সকীয়নি প্ৰদান কৰি শান্তি-শৃংখলা বিঘ্নিত কৰিলে প্ৰতিবাদকাৰীৰৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও জানিবলৈ দিয়ে।

তাৰোপৰি আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কাকো আইন ভংগ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।