কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গুৱাহাটীৰ আঠগাওঁ মছজিদ ১৪ দিনৰ বাবে ছীল কৰিবলৈ শুকুৰবাৰে নিৰ্দেশ হৈছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে মছজিদটো স্পেনিছ গাৰ্ডেনৰ নিচিনাকৈ CONTAINMENT ZONEলৈ পৰিৱৰ্তিত কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।
তেওঁ কয় যে নিজামুদ্দিনৰ দৰে আঠগাওঁ কবৰস্থানৰ মছজিদটোও কৰ’নাভাইৰাছৰ হটবেডৰূপে পৰিগণিত হৈছে।
“কিয়নো তিনিজনকৈ পজিটিভ কেচ তাৰ পৰাই পোৱা হৈছে,” মন্ত্ৰী শৰ্মাই কয়।
শৰ্মাই কয় যে তদন্তত প্ৰকাশ পাইছে যে তিনিগৰাকী ক’ভিড-১৯ আক্ৰান্তই যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদত ৰাতি কটাইছিল।
কেৱল সেয়াই নহয়, মুঠ ১০০ জন মানুহ লগ লাগি আঠগাওঁ কবৰস্থানত মাচুৰা নামৰ অনুষ্ঠান কৰিছিল।
কিন্তু প্ৰথমৰ পৰা প্ৰশাসনক খবৰবোৰ সম্পূৰ্ণৰূপে প্ৰশাসনক জনোৱা হোৱা নাছিল।
“প্ৰথমৰ পৰা যিমান তথ্য আহিব লাগিছিল অহা নাছিল। প্ৰথম অৱস্থাত আমাক কোৱা হোৱা নাছিল যে তাত এখন মিটিং হৈছিল,” শৰ্মাই কয়।
সেই এশজনৰ পৰাই তিনিজনক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।
সেই এশজন ব্যক্তিৰ তালিকা সংগ্ৰহ কৰি থকা হৈছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে মৰিগাওঁ ভোৰাগাঁৱৰ চামচুল আলমৰ নেতৃত্বত মাছুৰাটো অনুষ্ঠিত হৈছিল।
“তেওঁ আমাৰ সৈতে সহযোগ কৰিছে আৰু নাম দিছে। ১০০ জন ব্যক্তিৰ কেইজনমানক কুৱাৰেণ্টাইন কৰা হৈছে । কিন্তু গোটেই তালিকাখন তেওঁলোকে দিব নোৱাৰা কাৰণে আমি এশজন ব্যক্তিক কুৱাৰেণ্টাইন কৰিব পৰা নাই,” তেওঁ কয়।