‘লক্ষ্মী’! কন্যা জন্মাৰ আনন্দতে চেলুনত গ্ৰাহকক বিনামূলীয়া সেৱা আগবঢ়ালে এইগৰাকী ব্যক্তিয়ে

saloon man gives free service

কন্যা সন্তানৰ প্ৰতি অৱহেলা এতিয়াও ভাৰতীয় সমাজত অন্ত পৰা নাই। বিভিন্ন সময়ত এনে বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। কন্যা ভ্ৰুণ হত্যাৰ দৰে ঘটনাৰ অৱসান এতিয়াও ঘটা নাই।

ইয়াৰ মাজতে ব্যতিক্ৰম হিচাপে এক নিদৰ্শ দাঙি ধৰিছে মধ্যপ্ৰদেশৰ এগৰাকী ব্যক্তিয়ে। পেশাত চেলুনৰ গৰাকী এই ব্যক্তিগৰাকীয়ে যোৱা ৪ জানুৱাৰিত সকলো গ্ৰাহকৰে দাড়ি-চুলি বিনামূলীয়াকৈ কাটি দিলে।

তেওঁৰ নিজৰ তিনিখনকৈ চেলুনতে এই অফাৰ আগবঢ়ায়। ছলমন নামৰ এই ব্যক্তগৰাকীৰ এই খৱৰে ইতিমধ্যে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে।

বাতৰি অনুসৰি, যোৱা ২৬ ডিচেম্বৰত গোৱালিয়ৰৰ বাসিন্দা ছলমান পিতৃ হয়। তেওঁৰ পত্নীয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে।

কন্যা সন্তানৰ জন্মৰ আনন্দও যে সকলোৰে সৈতে ভগাই ল’ব পাৰি সেইকথা বুজাবলৈ ছলমানে এক ব্যতিক্ৰমী উপায় অৱলম্বন কৰে। তেওঁ দোকানৰ সন্মুখত এখন পোষ্টাৰো আঁৰি দিয়ে।

পোষ্টাৰখনত লিখা আছিল যে কন্যা সন্তান জন্মৰ আনন্দত ৪জানুৱাৰিত বিনামূলীয়াকৈ সকলো গ্ৰাহকৰে দাড়ি-চুলি কটাই দিয়া হ’ব।

ছলমানে সেইদিনটোত ৭০ৰ পৰা ৮০জন গ্ৰাহকক বিনামূলীয়া সেৱা আগবঢ়ায়।

ছলমানে এই প্ৰসংগত কয়,’’ঘৰত কন্যা সন্তান জন্মিলে বহুতেই হতাশ হৈ পৰে। সেয়ে ৪জানুৱাৰিত মই নিজৰে তিনিখন চেলুনত বিনামূলীয়া সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লওঁ যাতে মানুহে বুজিব পাৰে যে ঘৰলৈ নতুন অতিথি আহিলে হতাশ হোৱাৰ পৰিৱৰ্তে আনন্দিত হোৱা উচিত। ঘৰত কন্যা সন্তান জন্মিলে সেইটোও আনন্দৰেই খৱৰ। ইয়াত দুখ পাবলগীয়া একো নাই।‘’

বিভিন্ন গ্ৰাহকেও ছলমানৰ প্ৰশংসা কৰিছে। তেওঁলোকে ছলমানৰ এই পদক্ষেপে সমাজত এক বাৰ্তা প্ৰেৰণ কৰা বুলি কয়।