‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মীসকলে লজ্জানত হ’বলগীয়া হৈছে’

‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল লজ্জানত হ’বলগীয়া হৈছে।’ এই মন্তব্য সদৌ অসম গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ।

তবলিগী জামাতীক উদ্দেশ্যি কটাক্ষ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয় যে, ‘অতি দুৰ্ভাগ্যজনকভাৱে একাংশ ধৰ্মান্ধই তবলিগী জামাতৰ বাবে অসম ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ যোগে হাফিজুলে কবলিগী জামাতলৈ যোৱা লোকসকলক সমালোচনা কৰি তেওঁ কয়, ‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল লজ্জানত হ’বলগীয়া হৈছে।‘

তবলিগী জামাতীসকলে কেৱল চৰকাৰী নীতি নিৰ্দেশনাই যে অৱমাননা কৰিছে তেনে নহয়, হজৰত মহম্মদৰ যি নিৰ্দেশনা তাকো অৱমাননা কৰিছে বুলি হাফিজুলে মন্তব্য কৰে।

‘মহামাৰী সংক্ৰমিত হোৱা অঞ্চললৈ যাব নালাগে বা তেনে অঞ্চলৰ পৰা আহিব নালাগে বুলি হজৰত মহম্মদে দিয়া নিৰ্দেশনাক আবামাননা কৰিছে। তবলিগী জামাতীসকলে দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত গৈ গণ-সমাৱেশ ঘটালে আৰু হজৰত মহম্মদৰ নিৰ্দেশনাক অৱমাননা কৰিলে। তাৰ পাছত তেওঁলোক মহামাৰী হোৱা স্থান দিল্লীৰ পৰা ঘূৰি আহি কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ তেওঁলোকে আত্মগোপন কৰিলে।‘ আহমেদে এইদৰে কয়।

ইপিনে, এই তবলিগী জামাতৰ সৈতে খিলঞ্জীয়া ইছলামধৰ্মী লোক খুব কম সংখ্যকহে জড়িত বুলি দাবী কৰি আহমেদে লগতে কয় ‘বহৎ সংখ্যক বহিৰাগত মূলৰ লোকৰ সৈতে কম সংখ্যক গৰীয়া মৰীয়া দেশীয়ই ধৰ্মীয়ভাৱে একাত্ম হৈ পৰাৰ বাবে আপাত দৃষ্টিত এই ধাৰণা হয় যে গোটেই ইছলামধৰ্মী লোকসকল তবলিগী জামাতৰ সৈতে জড়িত। আচলতে তেনে নহয়।‘