‘ধৰ্ষণকাৰীক ফাঁচী দিয়ক’ : টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

Screenshot_2020-10-06-15-12-08_1(1)

দেশ কঁপোৱা উত্তৰ প্ৰদেশৰ মনিষা বাল্মিকীৰ ধৰ্ষণকাৰী-হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু টীয়ক, লাহদৈগড়, চেলেংহাট চিনামৰা নকচাৰী, মৰিয়নি, তিতাবৰ আঞ্চলিক সমিতিৰ সহযোগত এক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

বিজেপি চৰকাৰ মুৰ্দাবাদ, যোগী আদিত্যনাথ মুৰ্দাবাদ, ধৰ্ষণকাৰীক ফাঁচী দিয়ক আদি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।

লগতে এই সন্দৰ্ভত এখনি স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে সমগ্ৰ নাৰী সমাজৰ প্ৰতি নামি অহা চৰম ভাবুকি তথা অসমতো বিশেষকৈ আদিবাসী নাৰী সমাজৰ মাজত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে সংগঠনটোৱে।

সেয়ে উত্তৰ প্ৰদেশৰ জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি চৰকাৰৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে সংগঠনটোৱে।