বিধিয়ে দিলেও নিদিয়ে বিধাতাই! প্ৰায় বাহিৰ পাণ্ডিয়া; ৰোহিতেই শেষ ভৰসা হ’ব নেকি আম্বানীৰ!

Hardik Pandya Mumbai Indians

টুইষ্টৰ পিছত টুইষ্ট আহি পৰিছে আই পি এল ফ্ৰেন্সাইজি মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত। সূত্ৰ অনুসৰি, গুজৰাট টাইটানছৰ পৰা মুম্বাই ইণ্ডিয়ানছত যোগ দিয়া তথা পিছত দলৰ অধিনায়ক হিচাপে নিযুক্তি পোৱা হাৰ্দিক পাণ্ডিয়াই আগন্তুক ছিজনৰ আই পি এলত খেলিব নোৱাৰিব।

বিচিচিআইৰ এক সূত্ৰই নিশ্চিত কৰিছে যে পাণ্ডিয়াই গোৰোহাৰ আঘাতৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত অংশ ল’ব নোৱাৰিব। আনহাতে আই পি এলৰ আগন্তুক ছিজনতো তেওঁৰ অংশগ্ৰহণ এতিয়াও সন্দেহৰ আৱৰ্তত বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এনে অৱস্থাত এতিয়া দুৰ্বিধাত পৰিছে মুম্বাই ইণ্ডিয়ানছ। কিয়নো পাণ্ডিয়াক দললৈ অনাৰ পিছতে ফ্ৰেন্সাইজিটোৰ মেনেজমেণ্টে যোৱা এটা দশক ধৰি দলৰ নেতৃত্বত থকা ৰোহিত শৰ্মাক অপসাৰণ কৰি পাণ্ডিয়াক দায়িত্ব অৰ্পণ কৰিছিল।

এই কথাই স্বাভাৱিকতেই আশ্চৰ্যচকিত কৰি তুলিছিল সকলোকে। ইয়াৰ পিছতে ফ্ৰেন্সাইজিটোৰ সমৰ্থকসকলেও ৰাজহুৱাকৈ বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। সামাজিক মাধ্যমতো দলটোৱে হেৰুৱাইছিল অনুৰাগীৰ সমৰ্থন।

এতিয়া পাণ্ডিয়া আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ হ’লে ৰোহিত শৰ্মাকে দলৰ অধিনায়ক হিচাপে পুনৰ দায়িত্ব দিব নেকি সেই লৈ চৰ্চা চলিছে। এফালৰ পৰা চাবলৈ গ’লে আই পি এল ইতিহাসৰে শ্ৰেষ্ঠতম অধিনায়ক ৰোহিতকে পুনৰ দায়িত্ব দিয়াৰ বাদে গত্যন্তৰ নাই ফ্ৰেন্সাইজিটোৰ।

কিন্তু এবাৰ পদৰ পৰা অপসাৰিত হৈ পুনৰ ৰোহিত শৰ্মাই দায়িত্ব ল’ব নে, সিও প্ৰশ্নৰ আৱৰ্তত। ৰোহিতে পুনৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিলে সূৰ্যকুমাৰ যাদৱো হ’ব পাৰে মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য অধিনায়ক। ইতিমধ্যে যাদৱে দক্ষিণ আফ্ৰিকাৰ বিপক্ষএ ভাৰতক নেতৃত্ব দি নিজকে প্ৰমাণ কৰিছে।

উল্লেখ্য যে, বিগত বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে লীগ মেচৰ সময়তে গোৰোহাত আঘাত পাইছিল পাণ্ডিয়াই। ইয়াৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি আছে তাৰকাগৰাকী। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা সীমিত অভাৰৰ ভ্ৰমণৰ শৃংখলাতো পাণ্ডিয়া সেয়ে দলত নাছিল।