নীলমণি ফুকনলৈ…..

Nilmani Phookan

আপোনাক প্ৰথম লগ পোৱা দিনটো মোৰ স্পষ্ট মনত আছে। আপুনি তেতিয়া প্ৰতিষ্ঠিত, প্ৰশংসিত কবি। মই কলেজীয়া ছাত্ৰ। দুই এটা কবিতা লিখিছোঁ। এটা কবিতা কটনিয়ানত ওলাইছিল। ৰঞ্জন ৰাজকুমাৰে মোক পল্টন বজাৰৰ অসম হোটেলত আপোনাৰ লগত চিনাকি কৰাই দিছিল। সঙ্কোচেৰে গৈছিলোঁ আপোনাক লগ পাবলৈ। আপুনি তেতিয়া আৰ্য বিদ্যাপীঠ কলেজত ইতিহাসৰ শিক্ষক হৈ সোমাইছে। ইতিমধ্যে ৰামধেনুৰ পাতত আধুনিক কবিতাৰ নতুন ৰূপ এটা প্ৰকাশ হৈছে। আপুনি তাত নিজস্ব আঙ্গিকেৰে এটা বিশেষ ধাৰা সৃষ্টি কৰি বাট মুকলি কৰিবলৈ আৰম্ভ কৰিছে। মই সেয়ে আকৰ্ষিত হৈ আপোনাৰ লগত চিনাকি হ’বলৈ গৈছিলোঁ।

আপোনাৰ পৰা মৰম সনা ব্যৱহাৰ পাই মোৰ সংকোচ নোহোৱা হৈছিল। আপুনি মোক আচৰিত কৰি কৈছিল যে আপুনি মোৰ কবিতা ‘কটনিয়ান’ত পঢ়িছে। তেতিয়াই বুজিছিলোঁ অনুজ কবিক আপুনিতো অৱহেলা নক’ৰেই, বৰং তেওঁলোকক সতীৰ্থ বুলি ভাৱে। পিছতো দেখিছোঁ আপোনাৰ ঘৰখন কেনেকৈ পিছৰ চাম কবিৰ বাবে এখন তীৰ্থস্থানৰ দৰে হৈছিল। মোৰ মনত পৰে আপোনাক লগ পাবলৈ অহা এজন বাংলাভাষী কবিয়ে আপোনাৰ ঘৰৰ এই কাব্য-তীৰ্থ যেন পৰিৱেশৰ ওপৰত এটা কবিতাই লিখিছিল।

সেই প্ৰথম লগ পোৱা দিনটোৰ পৰাই মই আপোনাৰ সাহচৰ্য আৰু আশীৰ্বাদ বিচাৰি এতিয়ালৈকে কিমান অহা-যোৱা কৰিলোঁ তাৰ সীমা-সংখ্যা নাই। আপোনাৰ বিয়াৰ পিছত আপোনালোক দুয়ো থকা ভৰলুমুখৰ ভাড়াঘৰত ক’তদিন মেল মাৰিছোঁ। আপোনাৰ পত্নী (আমাৰ বাইদেউগৰাকী)ৰ আতিথ্য আছিল কিমান মধুৰ! তেওঁ আপোনাৰ অৰ্ধ-আকাশেই নহয়, আপোনাৰ জীৱনৰ ধৰণীও। এক পৰিপূৰ্ণ নাৰীমূৰ্তি, এক আদৰ্শ নাৰী, আৰু তেওঁৰ মাজেৰে আপুনি সম্পূৰ্ণ। আপোনাৰ তিনিটা সন্তানক জন্মৰ পৰাই পাইছোঁ। আটাইকেইজন সুযোগ্য হৈ উঠিছে আৰু তেওঁলোকৰ পিতৃভক্তি আপোনাৰ মূল্যবান সম্পদ।

সাহিত্য ক্ষেত্ৰত অসমীয়া কবিতাৰ শ্ৰেষ্ঠ কবিসকলৰ আপুনি এজন। আপোনাৰ অৰিহণা অসমীয়া সাহিত্যত অপূৰণীয়। আধুনিক কবিতাক এক নতুন দিগন্তলৈ লৈ যোৱাই নহয়, আপুনি পিছৰ কবিসকলৰ বাবে পথ-প্ৰদৰ্শকৰ দায়িত্বও পালন কৰি আহিছে। আপুনি কেইবাটাও সন্মানীয় পুৰস্কাৰ পাইছে-অসম অকাডেমি বঁটা আৰু জ্ঞানপীঠ বঁটা তাৰ ভিতৰত প্ৰধান। কিন্তু বঁটাত আপোনাৰ সাহিত্যৰ পৰিচয় নাই। আপোনাৰ অৱদান তাৰ বহু উৰ্ধত। অসমীয়া আধুনিক কবিতাৰ এটা সমৃদ্ধ অংশ আপোনাৰ সৃষ্টিৰে উজ্জ্বল। স্বাস্থ্যই আপোনাৰ কলম বহুদিন স্তব্ধ কৰি থলে। নহলে অসমীয়া সাহিত্যই আপোনাৰ পৰা আৰু আপুৰুগীয়া সম্পদ হয়তো পালেহেঁতেন। কিন্তু যিখিনি পাইছে সেইখিনিওটো বহু মূল্যবান। আপুনি লোকশিল্পৰ গৱেষণা কৰি যিখন কিতাপ লিখিলে, সেইখনে অসমীয়া লোককলাৰ এক সমৃদ্ধ ৰূপ প্ৰমাণ কৰিছে। কলা-সমালোচনাৰ ক্ষেত্ৰতো আপুনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু অসমীয়া শিল্পীসকলৰ অৱদান পাদ-প্ৰদীপৰ সমুখলৈ উলিয়াই আনিছে। চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহ মই আপোনাৰ পৰাই পাইছিলোঁ।

আজি আপোনাক নিথৰ হৈ পৰি থকা দেখি মই ম্ৰিয়মাণ হৈ পৰিছোঁ। কিন্তু সান্তনা লভিবলৈ চেষ্টা কৰিছোঁ এমিলী ডিকিনচনৰ কবিতাৰ কেইশাৰীমান কথাৰে:
If tolling bell I ask the cause,
‘A soul has gone to God’,
I am answered in a lonesome tone
Is heaven then so sad?

That bells should joyful ring to tell
A soul has gone to heaven,
Would seem to me the proper way
A good news should be given.

যদি আত্মা আছে আপোনাৰ আত্মাই সেই নেদেখা স্বৰ্গত শান্তি লাভ কৰক।