‘দেখিবলৈ নেপালীৰ দৰে’ বুলি কৈ পাছপোৰ্ট দিবলৈ অস্বীকাৰ দুগৰাকী ভাৰতীয় যুৱতীক

5v6hma2o_ambalagirl650_625x300_02_January_20

নেপালী বুলি বিষয়াই পাছপোৰ্ট দিবলৈ অস্বীকাৰ কৰা যুৱতী ভগ্নীদ্বয়ৰ এগৰাকী। ফটো: এন ডি টি ভি হিন্দীৰ সৌজন্যত।

হাৰিয়ানাৰ আম্বালাৰ পৰা চণ্ডীগড়লৈ পাছপোৰ্ট বনাবলৈ যোৱা দুগৰাকী যুৱতী ভগ্নীৰ সৈতে ঘটিল এক আজৱ ঘটনা।

ভাৰতত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা তথা পঢ়াশুনা কৰা দুই ভগ্নীয়ে যেতিয়া পাছপোৰ্ট কাৰ্যালয়লৈ যায়, তাত বহি থকা বিষয়াগৰাকীয়ে কোনো নথি নোচোৱাকৈয়ে তেওঁলোকৰ চেহেৰা চাইয়েই পাছপোৰ্ট বনাব পৰা নাযাব বুলি জনায়।

তেওঁলোকৰ সম্পৰ্কত বিষয়াগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰে যে আনৰ কথা বাদেই কথাটো শুনি আম্বালাৰ উপায়ুক্তগৰাকীও হতভম্ব হৈ পৰে।

উল্লেখ্য যে সন্তোষ নামৰ যুৱতীগাৰীকৰ লগত আধাৰ কাৰ্ড, পান কাৰ্ড আৰু কুৰুক্ষেত্ৰ য়ুনিভাৰ্ছিটিৰ ডিগ্ৰীৰ প্ৰমানপত্ৰও আছিল।

কিন্তু পাৰ্ছপোৰ্টে কাৰ্যালয়ে তেওঁৰ নথি নোচোৱাকৈয়ে তেওঁক নেপালী ঘোষণা কৰি দিয়ে।

সন্তোষে আম্বালাত জন্মগ্ৰহণ কৰাৰ লগতে কুৰুক্ষেত্ৰ য়ুনিভাৰ্ছিটিৰ পৰা শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ দেউতাকৰ বুটিকত কাম কৰি আছে।

যুৱতীগৰাকীয়ে বিদেশত শিক্ষা গ্ৰহণৰ বাবে যাবলৈ মন মেলিছিল আৰু তাৰ বাবে পাছপোৰ্ট সেৱা কেন্দ্ৰৰ জৰিয়তে সকলো নথি দি পাৰ্ছপোৰ্ট বনোৱাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

ইয়াৰ পাছতে তেওঁক পাছপোৰ্ট কাৰ্যালয়লৈ মাতে য’ত তেওঁৰ চেহেৰা দেখিয়েই পাছপোৰ্ট দিবলৈ অস্বীকাৰ কৰে আৰু তেওঁৰ আবেদন পত্ৰত মন্তব্য লিখে,’আবেদনকাৰী দেখিবলৈ নেপালী যেন লাগে’।

যুৱতী সন্তোষে জানিবলৈ দি কয়,’’আমি হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজৰ সৈতে কথা পতাৰ পাছ আমাৰ পাছপোৰ্ট বনোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ইপিনে, আম্বালাৰ উপায়ুক্ত অশোক শৰ্মাই কয়,’’যেতিয়াই এই খবৰ লাভ কৰো মই হস্তক্ষেপ কৰো আৰু ভগ্নী দুগৰাকীক পাছপোৰ্ট কাৰ্যালয়ৰ পৰা মতাই আনে। এতিয়া অতি সোনকালেই তেওঁলোকে পাছপোৰ্ট লাভ কৰিব।‘’