ক’ৰ’না প্ৰতিৰোধৰ বাবে হজৰত খণ্ডকাৰপীৰ দৰগাহৰ ২৫ হাজাৰ টকাৰ সাহায্য

সম্প্ৰতি সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে এক মহামাৰী ৰূপ ধাৰণ কৰা সময়ত ভাৰততো বৰ্তমানলৈকে এই ৰোগত দুই হাজাৰকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে অৰ্ধশতাধিকৰ মৃত্যু হৈছে। অসমত এই ৰোগত আজি পযৰ্ন্ত বিশজন লোক আক্ৰান্ত হৈছে।

ইয়াৰে চাৰিজন বৰ্তমান দিল্লীত আছে।এনে এক সংকটৰ সময়ত অসম চৰকাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষক অসম আৰোগ্য নিধিলৈ সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে। চৰকাৰৰ এনে আহ্বানৰ প্ৰতি সহাৰি জনাই শিৱসাগৰৰ ঐতিসাহিক খণ্ডকাৰপীৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰৰ সাহায্য নিধিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

খণ্ডকাৰপীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়া আৰু উপ সভাপতি খাইৰুদ্দিন আহমেদে আজি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত দৰগাহ সমিতিৰ তৰফৰ পৰা ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে শিৱসাগৰৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে অসম আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে।