১৮০ টা সন্তানৰ পিতৃ হৈও নিসংগ জীৱন : লগ পাইছে মাত্ৰ ৬০ টা সন্তানক

ব্ৰিটেইনৰ নিউকেষ্টলৰ এজন ব্যক্তিয়ে বিগত ১৩ বছৰ ধৰি শুক্ৰাণু দান কৰি আহিছে। ব্ৰিটিছ টেবলয়ড মেট্ৰ’ৰ তথ্য অনুসৰি তেওঁ এতিয়ালৈকে প্ৰাকৃতিক প্ৰজনন, আংশিক গৰ্ভধাৰণ আৰু কৃত্ৰিম প্ৰজননকে ধৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি ১৮০টা সন্তানৰ পিতৃত্ব অৰ্জন কৰিছে।

নিজৰ নাম প্ৰকাশ কৰিব নোখোজা ৫২ বছৰীয়া শুক্ৰানু দাতা গৰাকীয়ে কয় যে তেওঁৰ শুক্ৰাণুৰে বহু মহিলাই মাতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু এই কৰ্মৰ বাবে অতিকে নিসংগ হৈ পৰিছে শুক্ৰাণু দাতাগৰাকী।

তেওঁ কয় যে শুক্ৰাণু দাতা হিচাপে কাম কৰাৰ কিছু সীমাবদ্ধতা আছে। ইয়াৰ বাবে তেওঁ পূৰ্ণকালীন চাকৰি কৰিব নোৱাৰে আৰু কাৰো লগত প্ৰেমৰ সম্পৰ্ক ৰাখিব নোৱাৰে। তেওঁ জীৱনত ৰোমাঞ্চৰ বাবে কোনো সময় নাই।

তেওঁ সদায় শুক্ৰাণু দানৰ বাবে সাজু হৈ থাকিব লাগে। কিয়নো কোনো মহিলা হঠাতে ডিম্বাণু নিঃসৰণ কৰিবলৈ সাজু হ’লে তেওঁ লগে লগে শুক্ৰাণু দান কৰিব লাগে।

তেওঁ কয় যে শুক্ৰাণু দানৰ বাবেও তেওঁ বহুত বেয়া কথা শুনিবলগীয়া হৈছিল। বহুতে মন্তব্য কৰে যে তেওঁ কেৱল যৌনতাৰ বাবে এইবোৰ কামত জড়িত।

“যেতিয়া মানুহে কয় যে মই কেৱল যৌন সম্পৰ্কৰ উপায় হিচাপে শুক্ৰাণু দান কৰো তেতিয়া মোৰ খুব দুখ লাগে।” – তেওঁ কয়।

ব্যক্তিগৰাকীয়ে কয় যে মহিলাৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক খুব কমেইহে হয়, সাধাৰণতে মাহত এবাৰ বা দুবাৰ। তেওঁৰ শুক্ৰাণুৰ ফলপ্ৰসূতাৰ বাবে মহিলাসকলক গৰ্ভধাৰণ কৰাত সহায় কৰাটোৱেই তেওঁৰ একমাত্ৰ লক্ষ্য।

উল্লেখ্য যে শুক্ৰাণু দাতা হিচাপে কাম কৰাৰ ফলত তেওঁ নিসংগতাত ভুগিবলৈ আৰম্ভ কৰিছে। কিয়নো তেওঁৰ লগত কোনেও প্ৰেমৰ সম্পৰ্ক গঢ়িব নোখোজে। শুক্ৰাণু দান কৰাৰ বাবেই তেওঁক প্ৰেমিকাই এৰি গৈছিল। 

তেওঁ লগতে কয় যে এই কামৰ বাবে তেওঁ আৰ্থিকভাৱে বাধাগ্ৰস্ত হ’লেও এই কামটো তেওঁ ভাল পায়। তেওঁ কয়, “ধনী হ’বলৈ বহুত উপায় আছে। টকা অবিহনেও মানুহ ধনী হব পাৰি। জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা মই বহুত চহকী, মই পৃথিৱীৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছো। সন্তানহীন মহিলাক সন্তান দি সুখী কৰি তোলাতো অফিচত আঠ ঘণ্টা কাম কৰি টকা উপাৰ্জন কৰাতকৈ অধিক সন্তুষ্টিদায়ক।”

উল্লেখ্য যে ‘ব্ৰিটেইনৰ আটাইতকৈ প্ৰভাৱশালী পিতৃ’ হিচাপে পৰিচত এইজন শুক্ৰাণু দাতাৰ শুক্ৰাণুৰ পৰা ১৮০টা সন্তান জন্ম হৈছে যদিও এতিয়ালৈকে তেওঁ মাত্ৰ ৬০টা সন্তানকহে লগ পাইছে।

প্ৰত্যাহ্বানৰ মাজতো তেওঁ কয় যে তেওঁ মহিলাসকলক গৰ্ভৱতী হোৱাত সহায় কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।