বোকাজানত অটো আৰু বলেৰ’ পিক-আপ ভ্যানৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ গ’ল দুজনৰ

Accident AUTO

দুৰ্ঘটনাগ্ৰস্ত অটোখন। উৎস-ইণ্টাৰনেট

আজি বোকাজানৰ বালিপথাৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা লোক দুজনৰ নাম হ’ল বিজয় চৌধুৰী আৰু জ্ঞান প্ৰসাদ। জ্ঞান প্ৰসাদ বোকাজান ৰে’ল ষ্টেচনৰ সহকাৰী অধীক্ষ হিচাপে কৰ্মৰত আছিল।

ঘটনাৰ বিৱৰণী অনুসৰি, আজি ৰাতিপুৱা প্ৰায় ১১ মান বজাত বোকাজানৰ পৰা দেওঁপানী অভিমুখে এখন অটোই যাত্ৰা কৰি থকাৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী মহিন্দ্ৰা বলেৰ’ পিক-আপ ভ্যানে অটোখনত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে।

বলেৰ’ পিক-আপ ভ্যানখনৰ খুণ্ডাত অটোখনৰ চালক বিজয় চৌধুৰী আৰু যাত্ৰী জ্ঞান প্ৰসাদৰ থিতাতে মৃত্যু হয়।

আনহাতে, শোকৱহ পথ দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ আন তিনিজন লোক গুৰুতৰভাবে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰাৰ লগতে মৃতদেহ দুটা মৰোণত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

ৰাজপথত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাটোত এনেদৰে দুজন লোকে থিতাতে প্ৰাণ হেৰুৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।