সপ্তাহত কেইবাৰ কৰিলে ভাল? যৌন সম্ভোগে বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

প্ৰেমৰ প্ৰকাশেই হওঁক বা শাৰীৰিক সকাহেই হওঁক; যৌনতা আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। নিয়মীয়া যৌন সম্ভোগৰো আছে যথেষ্ট শাৰীৰিক উপকাৰ। শেহতীয়াকৈ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ে সম্পন্ন কৰা এক অধ্যয়নত প্ৰকাশ পাইছে এই কথা।

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ মাজত কৰা এক অধ্যয়নত স্পষ্টভাৱে ইংগিত পোৱা গৈছে যে যিসকল ছাত্ৰছাত্ৰীয়ে সপ্তাহত এবাৰতকৈ অধিক যৌন সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ বীজাণু আৰু ভাইৰাছৰ প্ৰতিৰোধ ক্ষমতা অধিক। আনকি, তেওঁলোকৰ শৰীৰত উৎপন্ন হোৱা এন্টিব’ডিৰ পৰিমাণ আনতকৈ বেছি।

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ফ্ৰান্সিস্কোৰ এক অধ্যয়নেও একে দিশলৈ আঙুলিয়াই দিয়ে। গৱেষকসকলৰ মতে, যিসকলে সপ্তাহত কমেও দুইৰ পৰা তিনিবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰে, তেওঁলোক আনতকৈ বহুত সুস্থ।

গৱেষণাৰ মতে, যদি আপুনি নিয়মিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে শৰীৰত IgA নামৰ এন্টিব’ডি প্ৰায় ৩০ শতাংশ বৃদ্ধি পায়। ফলত চৰ্দি আৰু কাহৰ সমস্যা বহু পৰিমাণে কমি যায়।

নিয়মীয়া যৌন সম্পৰ্কই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো সহায় কৰে। বিশেষজ্ঞসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ সপ্তাহত কমেও তিনিৰ পৰা পাঁচ দিন ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে। নিয়মীয়া ব্যায়ামৰ বাবে সময় নাথাকিলে যৌন সম্ভোগ ব্যায়ামৰ বিকল্প হিচাপে পৰিগণিত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে কয়। নিয়মিত যৌন সম্পৰ্কেও মহিলাৰ ৰক্তচাপৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

জানো আহক, নিয়মীয়াকৈ সংগম কৰিলে স্বাস্থ্যৰ কি কি লাভ হয়?

) নিয়মিত সংগমৰ ফলত শৰীৰত টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। ফলত পুৰুষ আৰু মহিলা উভয়ৰে হাড়ৰ শক্তি বৃদ্ধি পায়। যৌনতাই পেশীবোৰ টান আৰু সতেজ কৰি ৰখাতো সহায় কৰে।

) যৌন সম্পৰ্কৰ সময়ত ড’পামিন, এণ্ড’ৰ্ফিন আৰু চেৰ’টনিন আদি হৰম’ন নিৰ্গত হয়। এই সকলোবোৰ হৰম’ন তেজৰ লগত মিহলি হৈ বিষ উপশম কৰাত সহায় কৰে। ঋতুস্ৰাৱৰ বিষ, মাইগ্ৰেইনৰ দৰে বেমাৰবোৰো সংগমৰ প্ৰভাৱত নিৰাময় হয়।

) শাৰীৰিক সংগমৰ ফলত মানসিক চাপৰ হৰম’ন কৰ্টিছলৰ নিঃসৰণ হ্ৰাস পায়। ফলত মানসিক চাপ কমি যায়। টোপনি ভাল হয়। শৰীৰ আৰু মন দুয়োটা শান্ত হোৱাৰ বাবে টোপনি সোনকালে আহে।

) ভাল শাৰীৰিক সম্পৰ্কই ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ফলত ছাললৈ অধিক অক্সিজেন পৰিবহন হয়। যৌন সম্পৰ্কৰ সময়ত নিৰ্গত হোৱা ঘামৰ যোগেদিও শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰি যায়। ফলত ছালৰ সতেজতা আৰু উজ্জ্বলতা বৃদ্ধি পায়।

) বিভিন্ন গৱেষণাৰ পৰা দাবী কৰা হৈছে যে যৌন সম্পৰ্কৰ ফলত প্ৰষ্টেট কেন্সাৰৰো সম্ভাৱনা হ্ৰাস পায়।