• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰুসজাই ষ্টেডিয়ামত ৩০০ বিচনাৰ নতুন ক’ভিড চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে

নিৰ্মাণ কাৰ্যত ডিআৰডিঅ'ক পূৰ্ণ সহযোগ ক্ৰীড়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ, এপিডিচিএলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 6:41 am
Kesav Mahanta Visits
304
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডিআৰডিঅ’)ৰ জৰিয়তে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰিবলৈ লোৱা ৩০০খন বিচনাৰ নতুন ক’ভিড চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বৃহস্পতিবাৰে বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

জটিল ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে শীঘ্ৰে ১০০খন আইচিইউ বিচনা আৰু ২০০খন অক্সিজেন সেৱা সংলগ্ন বিচনা উপলব্ধ কৰাব পৰাকৈ অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিৰে এই নতুন ক’ভিড চিকিৎসালয় নিৰ্মাণৰ মূল দায়িত্ব ডিআৰডিঅ’ক অৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে।

স্বাস্থ্যমন্ত্ৰী মহন্তই দুপৰীয়া সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ ডিআৰডিঅ’ই ইতিমধ্যে আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন আৰু ৰাজ্যৰ ক্ৰীড়া সঞ্চালক ধৰ্মাকান্ত মিলিৰ উপস্থিতিত স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্মাণ কাৰ্য তদাৰক কৰাৰ দায়িত্বত থকা ডিআৰডিঅ’ৰ শীৰ্ষ কাৰ্যবাহী বিষয়াৰ সৈতে নতুন ক’ভিড চিকিৎসালয়খনৰ কাৰিকৰী দিশসমূহ নিখুঁতভাৱে আৰু অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বিষয়ে মতবিনিময় কৰে।

চিকিৎসালয়খন নিৰ্মাণত স্বাস্থ্য বিভাগ, ক্ৰীড়া বিভাগৰ লগতে এপিডিচিএল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগকো প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে দায়িত্ব দিয়ে।

এনএইচএমৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ লক্ষ্মণন আৰু ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অহা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই নতুন ক’ভিড চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে মুকলি কৰিবলৈ সময়সীমা বান্ধি দিয়ে।

ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াই ৫ জুনৰ পূৰ্বেই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব বুলি মন্ত্ৰীগৰাকীক আশ্বস্ত কৰে।

আনহাতে, ৩০০খন আইচিইউ তথা অক্সিজেন বিচনাৰ এই ক’ভিড চিকিৎসালয়খনৰ বাবে প্ৰয়োজন হোৱা তৰল মেডিকেল ব্যৱহাৰযোগ্য অক্সিজেন মজুত কৰি ৰাখিব পৰাকৈ ২০ হেজাৰ লিটাৰ বহনক্ষমতা সম্পন্ন এলএমঅ’ টেংক এটা অহা ২৯ মে’ৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হ’ব বুলিও ডিআৰডিঅ’ৰ কাৰ্যবাহী বিষয়াই স্বাস্থ্যমন্ত্ৰীক অৱগত কৰে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সৰুসজাই ষ্টেডিয়ামতে থকা ক’ভিড কেয়াৰ চেণ্টাৰটোও পৰিদৰ্শন কৰে।

Tags: COVID-19

Recent News

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd