NORTHEAST NOW (Assamese)

চূড়ান্ত এন আৰ চি প্ৰকাশৰ তাৰিখৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ শুনানি

July 17, 2019 12:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ’ব।

প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ধাৰ্য্য কৰা অন্তিম তাৰিখ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে ৰাজ্যত প্ৰকাশ পাবলগীয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ অন্তিম তাৰিখ ৩১ জুলাইত নিৰ্ধাৰণ কৰিছিল যদিও আজি চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন পিছুওৱা হোৱাৰ ক্ষেত্ৰত শুনানি গ্ৰহণ কৰা হ’ব উচ্চতম ন্যায়ালয়ত।

আনহাতে, ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে আৰু অগ্ৰিম শুনানি বিচাৰি দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দাখিল কৰা আবেদনৰ ভিত্তিতে আজি শুনানি গ্ৰহণ কৰা হ’ব।

উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰাৰ পাছতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশৰ নতুন দিন ধাৰ্য্য কৰা হ’ব পাৰে বুলি আশা কৰা হৈছে।

অসমত অসম চুক্তিৰ আধাৰত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমষ্ট প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি আছে।

Related News