PM-CARES ক RTI ৰ আওতাত আনিবলৈ দাবী জনোৱা আবেদনৰ আজি শুনানি

প্ৰতিনিধিত্বমূলক চিত্ৰ

তথ্য জনা অধিকাৰ (আৰ টি আই)ৰ আওতাত পি এম কেয়াৰ্ছ ফাণ্ডক সংযুক্ত কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হ’ব।

উকীল সুৰেন্দ্ৰ সিং হুড্ডাই দাখিল কৰা আবেদনখনত কোৱা হৈছে যে ক’ৰ’না ভাইৰাছৰ বাবে সাধাৰণ জনতাই প্ৰদান কৰা ধন ৰাশি কিমান? এই কথাটো জনাৰ সকলোৰে অধিকাৰ আছে।

আবেদনখনত কোৱা হৈছে আমি জানিব লাগে যে সাধাৰণ জনতাৰ ফালৰ পৰা প্ৰদান কৰা ধনৰাশি কিমান জমা হৈছে আৰু ইয়াৰে কিমান টকা এতিয়ালৈকে খৰচ কৰা হ’ল। আৰু বাকী থকা খিনি কেনেদৰে খৰচ কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ উপৰি কোৱা হৈছে যে সমগ্ৰ দেশতে ক’ৰ’না মহামাৰীয়ে চানি ধৰিছে। এই বাইৰাছ সংক্ৰমিত লোকক আৰ্থিক সহায়ৰ প্ৰয়োজন, কিন্তু ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ সাধাৰণ জনতাই কিমান টকা প্ৰদান কৰিলে সেই কথা জনাৰো মৌলিক অধিকাৰ নাই ক’ৰ’না আক্ৰান্ত ৰোগীৰ।

ইফালে এই সন্দৰ্ভত পি এম কেয়াৰ্ছ ফাণ্ডৰ তৰফৰ পৰা কয় যে এইটো পাব্লিক অথৰিটি নহয় আৰু আৰ টি আই ২০০৫ ৰ ধাৰা ২(h)ৰ মতে এইটো আওতাত নপৰে।

আবেদনখনত প্ৰশ্ন উত্থাপন কৰা হৈছে যে যদি পি এম কেয়াৰ্ছ ফাণ্ড পাব্লিক অথৰিটি নহয়, তেন্তে প্ৰধান মন্ত্ৰী মোদীয়ে ইয়াৰ প্ৰচাৰ চলাইছিল কিয়? সাধাৰণ জনতাক এইটো প্ৰশ্নৰ উত্তৰ চৰকাৰে দিব লাগিব।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছতেই বিভিন্ন লোকে পি এম কেয়াৰ্ছ ফাণ্ডলৈ আৰ্থিক বৰঙণি আগবঢ়াইছিল।