বঙাইগাঁৱত হৃদৰোগ আৰু গেষ্ট্ৰ’ এণ্টেৰ’লজি সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ

অসমৰ প্ৰখ্যাত বাণিজ্য কেন্দ্ৰ বঙাইগাঁও চহৰত অৱস্থিত হোটেল” জাহ্নৱী” ত অতি সুন্দৰ পৰিবেশৰ মাজত বৃহত্তৰ অসমীয়া সামাজিক আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ ঐকান্তিক প্ৰচেষ্টা আৰু গুৱাহাটীস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হস্পিটালৰ সহযোগত হৃদৰোগ আৰু গেষ্ট্র এণ্টেৰ’লজি সম্পৰ্কে এক বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ আয়োজন কৰে।

এই শিবিৰত বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ চিন্ময় মজুমদাৰ, ডাঃ ছবুৰউদ্দিন আহমেদ,ডাঃ অমিত ৰাৱাট,ডাঃ শ্বেখ আফজালুৰ ৰহমান, ডাঃ সোমালি পাল আদিয়ে প্ৰায় ডেৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আৰু দিহা- পৰামৰ্শ প্ৰদান কৰে।

উক্ত চিকিৎসক সকলৰ লগতে ষ্টাফ নাৰ্ছ নেৰলাং চিৰমাং, ৱাণ্ডাছিছা লামাৰী,ইএমটি যমুনা কৰ্মকাৰ, টেকনিচিয়ান চম্পক দাস আদিয়ে নিজ নিজ দায়িত্ব সুচাৰু ৰূপে পালন কৰে।

এই বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ লগতে নিজৰ ভুমিকা পালন কৰাৰ অন্তৰালত বৃহত্তৰ অসমীয়া সামাজিক আৰু সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা ডাঃ ইথেশ বৰদলৈ, সভাপতি ডাঃ ৰক্তিম বৰা , উপ সভাপতি ডাঃ প্লাৱন মজুমদাৰ , সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ বৈশ্য , সহ সাধাৰণ সম্পাদক ( সাংস্কৃতিক ) বিজয় মজুমদাৰ , বিধান দেউৰী , সহ সাধাৰণ সম্পাদক ( সামাজিক) বিকাশ পাঠক, বিদ্যুৎ বিকাশ দাস, কোষাধ্যক্ষ হিতেশ দাস , মুখ্য সমন্বয়ক (ছপা আৰু প্ৰচাৰ মাধ্যম ) মৃদুল ৰায় প্ৰধানী , মুখ্য সমন্বয়ক (বৈজ্ঞানিক অনুসন্ধান আৰু চিকিৎসা বিভাগ ডাঃ বিদ্যুৎ বিকাশ চৌধুৰী , ডাঃ দিগন্ত চৌধুৰী , মুখ্য সমন্বয়ক ( খেল আৰু শাৰীৰিক চৰ্চা বিভাগ) নবজিৎ ৰায় , ডাঃ গৌতম দাস আৰু কাৰ্যকৰী সদস্য জ্যোতিৰ্ময় দাসে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই সন্তুষ্টি লাভ কৰে।

উক্ত শিবিৰ বন্তি প্ৰজ্বলন কৰি ডাঃ ইথেশ বৰদলৈয়ে শুভ উদ্বোধন কৰে। শিবিৰ উপলক্ষ্যে আয়োজিত সভাখন মঞ্চৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ বৈশ্যৰ পৰিচালনাত অনুষ্ঠিত হয়।

সভাত বিশিষ্ট চিকিৎসক ডাঃ ইথেশ বৰদলৈ, ডাঃ ৰক্তিম বৰা , ডাঃ প্লাৱন মজুমদাৰ , প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি আয়োজক সকলৰ শলাগ লয় ।

ইপিনে হোটেল জাহ্নৱীৰ সকলো কৰ্মচাৰীৰ সেৱাৰ মনোভাৱ দেখি উপস্থিত ব্যক্তি সকলে ধন্যবাদ জ্ঞাপন কৰে। শিবিৰত বঙাইগাঁও , বৰপেটা , চিৰাং আৰু ধুবুৰী জিলাৰ পৰা ডেৰ শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে।