পাঁচদিন ধৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ; জনালে বতৰ বিজ্ঞান কেন্দ্ৰই

প্ৰতিনিধিত্বমূলক ফটো।

অহা পাঁচ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু  উপ-হিমালয় অঞ্চলৰ পশ্চিম বংগ আৰু ছিকিমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বংগোপসাগৰৰ পৰা পশ্চিম তথা দক্ষিণ-পশ্চিম বতাহৰ প্ৰবাল্যৰ প্ৰভাৱত উত্তৰ-পূবলৈ নিম্ন চাপ সৃষ্টিৰে ২ জুনলৈকে অসম-মেঘালয়ত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূব আৰু উত্তৰ-পূবৰ বহুতো ৰাজ্যক ‘হালধীয়া সতৰ্কতা'(ইয়েলো এলাৰ্ট)ৰ অধীনত ৰাখিছে আৰু ইয়াৰ বাসিন্দাসকলক বতৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত হৈ থাকিবলৈ পৰামৰ্শ দিছে।

প্ৰতিনিধিত্বমূলক ফটো।

বংগোপসাগৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ নিম্ন চাপ সৃষ্টিৰে পশ্চিম তথা দক্ষিণ-পশ্চিম বতাহৰ প্ৰাবল্যৰ ফলত উত্তৰ-পূব ভাৰত আৰু উপ হিমালয় অঞ্চলৰ পশ্চিমবংগ আৰু ছিকিমত যথেষ্ট ব্যাপক পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু অহা ৫ দিনত বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু পশ্চিমবংগত বজ্ৰপাত,ধুমুহা বতাহৰ সৈতে বিক্ষিপ্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে, গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগে সোমবাৰে অহা ৩ দিনৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ কিছু অংশত বজ্ৰপাত আৰু পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনাৰ কথা সদৰী কৰিছিল।